নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবিগৃহত ধুমুহা হৈ কাইলৈ জুবিনৰ এণ্ট্ৰী, হাউছফুল ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰতিটো দৰ্শনী

কাইলৈ ৰাইজৰ মাজলৈ আহিব... কিন্তু জীৱন্ত ৰূপত তেওঁ আৰু মাজলৈ নাহে। কিন্তু ছবিজগতত যে তেওঁৰ শেষৰখন ছবিয়ে তোলপাৰ লগাব সেয়া ধূৰুপ।

অসমবাসীৰ হৃদয়ৰ সম্রাট জুবিন গাৰ্গৰ বহু প্রতীক্ষিত ছবি ‘ৰৈ ৰৈ বিনালে’ কাইলৈ অর্থাৎ ৩১ অক্টোবৰ মুক্তি পাব। মুক্তিৰ পূৰ্বেই এই ছবিখনে গঢ়ি তুলিছে এক অনন্য উন্মাদনা— অসমৰ প্ৰতিটো ছবিঘৰতে হাউছফুল দৰ্শনীৰ খবৰ পোৱা গৈছে।

আপোন শিল্পীজনাৰ প্ৰতি যেন অনুৰাগীৰ হেঁপাহৰ অন্ত নাই। তেওঁৰ অবৰ্তমানত আজি চিনেমাখন যেন হৈ পৰিছে শিল্পীজনাক দেখাৰ অন্যতম সুযোগ। আজি যি হাৰত ছবিগৃহত টিকট কটাৰ হাৰ দেখা পোৱা গৈছে, সেই ধাৰা যদি অব্যাহত থাকে, তেন্তে অসমীয়া ছবিজগতৰ ইতিহাসত হয়তো অভিলেখ ৰচিব ছবিখনে।

জুবিন গাৰ্গৰ জীৱনৰ অন্তিম পৰিচয় হিচাপে পৰিগণিত এই ছবিখনে মুক্তিৰ আগতেই ভাঙিছে টিকট বিক্ৰীৰ সকলো ৰেকৰ্ড। কাইলৈ পুৱা ৬ বজাৰ পৰা ৰাজ্যজুৰি একেলগে ছবিখন মুক্তি দিয়া হ’ব যদিও ধেমাজিৰ RR ছবিঘৰত প্ৰথম দৰ্শনী অনুষ্ঠিত হ’ব পুৱা ৪.৪৫ বজাত।

জুবিনৰ অনুৰাগীসকলে ইতিমধ্যেই সামাজিক মাধ্যমত আবেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। “জুবিন আহি আছে”— এই বাক্যেই যেন প্ৰতিজন অসমীয়াৰ মুখত। একাংশই আনন্দত আকুল, আনফালে জুবিনৰ অনুপস্থিতিত হৃদয়বিদাৰক বিষাদ।

জুবিন গাৰ্গৰ প্ৰতি শ্রদ্ধা জনাই ৩১ অক্টোবৰ তাৰিখে সকলো অন্য চলচ্চিত্ৰৰ প্ৰদৰ্শন স্থগিত ৰাখিছে। ইউটিউবত মুক্তিপ্ৰাপ্ত ট্রেইলাৰটো ইতিমধ্যেই ১.৫ মিলিয়ন ভিউচ অতিক্ৰম কৰিছে।

ৰাজ্যৰ ৯৪টা ছবিগৃহত কাইলৰৈ পৰা প্ৰতিদিনেই ৪৫৬টা দৰ্শনী অনুষ্ঠিত হ’ব চিনেমাখনৰ। গুৱাহাটীৰ ১৩টা ছবিগৃহত প্ৰতিদিনেই ১৫৭টাকৈ, বিজয় নগৰত ৬টা, ৰঙিয়াত প্ৰতিদিনে ৪টা, মঙলদৈত প্ৰতিদিনে ৫টা, ছয়গাঁৱত প্ৰতিদিনে ৫টাকৈ দৰ্শনী অনুষ্ঠিত হব।

নলবাৰীত প্ৰতিদিনে ৫টা, বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০টা, ডিব্ৰুগড়ত প্ৰতিদিনে ১২টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্ৰতিদিনে ৯টা দৰ্শনী অনুষ্ঠিত হ’ব।

তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২টা, লখিমপুৰত ৪টা ছবিঘৰত দিনে ২০টা, ডিফুত প্ৰতিদিনে ৪টা, হাফলঙত প্ৰতিদিনে ৪টা, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হ’ব।

অৰুণাচলৰ ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা, নাহৰলগুণত দিনে ৩টা, মুম্বাইৰ ১০টা ছবিগৃহত প্ৰতিদিনে ১২টা, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৬টা দৰ্শনী প্ৰদৰ্শিত হ’ব।

লগতে বেংগালুৰুৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৩টা, হায়দৰাবাদত দিনে ২টা, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকাতাত দিনে ১২টা আৰু কোচিত প্ৰতিদিনে ১টাকৈ দৰ্শনী প্ৰদৰ্শিত হ’ব।

মিছন চাইনা, কাঞ্চনজংঘাৰ অপাৰ সফলতাৰ পিছত ৰৈ ৰৈ বিনালেৰ কথা জুবিনে প্ৰতি মঞ্চত, প্ৰতিখন অনুষ্ঠানতে কৈছিল। সেই আহ্বানক যেন আজি সঁহাৰি দিছে প্ৰতিগৰাকী অসমীয়াই। জুবিনৰ গাৰ্গৰ প্ৰায় ১৯ বছৰ আগৰ এটা কাহিনীয়ে আজি সাকাৰ ৰূপ লাভ কৰি ছবি আকাৰে কাইলৈ ৰাইজৰ মাজলৈ আহিব… কিন্তু জীৱন্ত ৰূপত তেওঁ আৰু মাজলৈ নাহে। কিন্তু ছবিজগতত যে তেওঁৰ শেষৰখন ছবিয়ে তোলপাৰ লগাব সেয়া ধূৰুপ।

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ:

You might also like