ৰৈ ৰৈ বিনালে ভিডিঅ ৰেকৰ্ডিং কৰাৰ চেষ্টা, কঠোৰ বেলালুনা হল কৰ্তৃপক্ষ
নলবাৰীৰ বেলালুনা চিনেমা হলত মবাইলত ভিডিঅ’ বন্দী কৰা দৰ্শকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ
নলবাৰীৰ বেলালুনা চিনেমা হলত চলি থকা ‘ৰৈ ৰৈ বিনালে’ চিনেমাৰ সময়ত ভিডিঅ’ বন্দী কৰা দৰ্শকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে হ’ল কৰ্তৃপক্ষই।
বাৰে বাৰে সতৰ্কবাণী দিয়া সত্ত্বেও একাংশ দৰ্শকে হলৰ ভিতৰত ভিডিঅ’ কৰাৰ অভিযোগ উঠিছে। কৰ্তৃপক্ষৰ চকুত পৰাৰ লগে লগে হাতেলোটে কেইবাটাও মোবাইল ফোন জব্দ কৰা হয়।
হল কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি, কিছুমানে ভিডিঅ’ বন্দী কৰি হোৱাটছএপ আৰু সামাজিক মাধ্যমত ভাইৰেল কৰাৰ চেষ্টা কৰিছিল।
ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ