মহিলা এদিনীয়া বিশ্বকাপৰ আজি ফাইনেল, ইতিহাস ৰচাৰ সন্ধিক্ষণত ভাৰত-দক্ষিণ আফ্রিকা
🔹 নতুন চেম্পিয়নক আদৰিবলৈ সাজু বিশ্ববাসী
ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : মাজতে মাথোঁ কেইটামান ঘণ্টা৷ নতুন চেম্পিয়নক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী৷ প্রায় এমাহ ধৰি চলা আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখন আজি নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷
প্রথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্রিকা৷ ইয়াৰ পূর্বে ভাৰতীয় মহিলা দলটোৱে দুবাৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও দুয়োবাৰে ৰানার্ছআপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল৷ বিপৰীতে দক্ষিণ আফ্রিকাই প্রথমবাৰৰ বাবে ফাইনেলত প্রৱেশ কৰিছে৷ এতিয়া দুয়ো দলৰ লক্ষ্য হ’ল ইতিহাস গঢ়াৰ৷ অভিজ্ঞতাৰ ফালৰ পৰা চালে ভাৰতক আজি খিতাপ যুঁজৰ মেচখনত ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ কিয়নো ভাৰতে এতিয়ালৈকে প্রতিযোগিতাখনৰ দুখন ফাইনেল খেলাৰ অভিজ্ঞতা আছে৷
আনহাতে, দক্ষিণ আফ্রিকাই প্রথমবাৰৰ বাবে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস গঢ়িছে৷ গুৱাহাটীত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত দক্ষিণ আফ্রিকাই ৪ বাৰৰ চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্রৱেশ কৰাৰ বিপৰীতে ঘৰুৱা দল ভাৰতে দ্বিতীয়খন ছেমিত ডিফেণ্ডিং তথা সাতবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়াক পৰাস্ত কৰি খিতাপ যুঁজলৈ উন্নীত হয়৷ অষ্ট্রেলিয়াই জয়ৰ বাবে বান্ধি দিয়া অভিলেখসংখ্যক ৰানৰ লক্ষ্য অতিক্রম কৰি ভাৰতে ফাইনেলত প্রৱেশ কৰিছিল৷ ভাৰতৰ এই জয়ৰ মূলতে আছিল জেমিমা ৰড্রিগুৱেজৰ বিস্ফোৰক অপৰাজিত শতক ৷
আজিৰ মেচখন সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়িকা হৰমনপ্রীত কৌৰে কয় যে শক্তিশালী অষ্ট্রেলিয়াক ছেমিফাইনেলত পৰাস্ত কৰি দলটোৰ সতীর্থসকলৰ মনোবল যথেষ্টখিনি বৃদ্ধি পাইছে৷ ফাইনেল মেচখনতো সতীর্থসকলে দক্ষিণ আফ্রিকাৰ সকলো প্রত্যাহ্বান ওফৰাই ভাৰতক চেম্পিয়নৰ সোৱাদ দিব পাৰিব বুলি মই আত্মবিশ্বাসী৷ প্রতিযোগিতাখনত প্রটিয়াজ বাহিনীয়ে উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ লীগ মেচত আমি তেওঁলোকৰ হাতত পৰাস্ত হৈছোঁ৷ গতিকে খিতাপ যুঁজৰ মেচখনত আমি বিশেষ ৰণনীতিৰে নমাৰ পৰিকল্পনা লৈছোঁ৷ নিঃসন্দেহে ফাইনেলৰ মেচখন আকর্ষণীয় হ’ব৷ গতিকে আমি প্রথমৰ পৰাই পৰিকল্পনা অনুসৰি খেলপথাৰত নামিব লাগিব৷
খেলৰ সময় : দিনৰ ৩ বজা৷