এদিনীয়া বিশ্বকাপত চেম্পিয়ন হ’লেই ভাৰতীয় মহিলা দললৈ লোভনীয় পুৰস্কাৰ, ঘোষণা বিচিচিআইৰ
ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : ইতিহাস গঢ়াৰ দুৱাৰডলিত ভাৰতীয় মহিলা ক্রিকেট দলটো৷ আজি নৱী মুম্বাইত অনুষ্ঠিত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ যুঁজৰ মেচখনত মেচখনত ঘৰুৱা দল ভাৰতৰ প্রতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্রিকা৷ প্রটিয়াজ বাহিনীক পৰাস্ত কৰিব পাৰিলে ভাৰতে প্রথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰিব৷
জানিব পৰা মতে, ভাৰতীয় মহিলা দলটোৱে প্রতিযোগিতাখনৰ খিতাপ জয় কৰিব পাৰিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বৃহৎ পুৰস্কাৰৰ ধন আগবঢ়াব৷ যিটো পুৰুষ দলটোৰ টকাৰ সমান৷ টি–২০ বিশ্বকাপ জয় কৰাৰ পাছত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে লাভ কৰিছিল ১২৫ কোটি টকাৰ পুৰস্কাৰ৷ এইবাৰ যদি ভাৰতে মহিলা বিশ্বকাপত চেম্পিয়ন হয় তেন্তে তেওঁলোকেও লাভ কৰিব ১২৫ কোটি টকাৰ পুৰস্কাৰ৷ অৱশ্যে এই সন্দর্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই বিচিচিআয়ে৷
নাম প্রকাশ নকৰাকৈ ব’ৰ্ডৰ এগৰাকী বিষয়াই সংবাদ প্রতিষ্ঠানক জনোৱা মতে, বিচিচিআয়ে পুৰুষ-মহিলাৰ সমান দৰমহাৰ নীতিক সমর্থন কৰে৷ এই সন্দর্ভত বহু চর্চা হৈছে৷ যদি মহিলা দলটোৱে বিশ্বকাপ জয় কৰে তেন্তে ব’র্ডে তেওঁলোকক কিমান টকাৰ পুৰস্কাৰ আগবঢ়াব এই সন্দর্ভত বিশ্বকাপ জয় কৰাৰ আগতে ঘোষণা কৰাটো যুক্তিসংগত নহয়৷ অৱশ্যে পুৰুষতকৈ কম নহ’ব বুলি ব’ৰ্ডৰ বিষয়াগৰাকীয়ে ব্যক্ত কৰে৷