নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২ নৱেম্বৰ : শিৱসাগৰ প্ৰেছ ক্লাবত কালি বিয়লি ৩ বজাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন আৰু স্মৃতিৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। স্মৃতিৰক্ষা সমিতিৰ সভাপতি ড০ উৎপল দত্তৰ সঞ্চালনাত অনুষ্ঠিত এই সভাৰ তাৎপৰ্য ব্যাখ্যা কৰে স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰবীন্দ্ৰ কুমাৰ বড়াই। এই সভাতেই শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিৰ জয়দয়াল খেমকা মাতৃ সেৱা সদনৰ প্ৰাংগণত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ কাষতেই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পুৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।
সভাত জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰৰ পুৱা প্ৰতিমূৰ্তি স্থাপনস্হলীত ভূমি পূজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গুৰুত্বপূৰ্ণ সভাখনত স্মৃতিৰক্ষা সমিতিৰ উপদেষ্টা তথা জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, শিক্ষাবিদ ড০ প্ৰকাশ কটকী, কাৰ্তিক চন্দ্ৰ দত্ত, প্ৰদীপ খেমকা আৰু জ্যেষ্ঠ অধিবক্তা হাৰুনল ৰচিদ, সাংবাদিক অনন্ত স্মিথকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
এই সভাৰ পিছতেই শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এখন সংবাদ মেল। এই সংবাদ মেলত স্মৃতিৰক্ষা সমিতিৰ সভাপতি ড০ উৎপল দত্তই কয় যে শিৱসাগৰ বিশ্ববিদ্যালয়ত ইতিপূৰ্বে অনুষ্ঠিত হোৱা জুবিন গাৰ্গ প্ৰতিমূৰ্তি স্থাপন আৰু স্মৃতিৰক্ষা সমিতিত শিৱসাগৰৰ সমাজ জীৱনৰ বিভিন্ন বৰেণ্য ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ খুৰাক সাংবাদিক মনোজ বৰঠাকুৰকো উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছিল। সভাই ভূমি পূজনৰ পাছত প্ৰতিমূৰ্তি স্থাপনৰ শিলান্যাস কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। সভাই জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি অতি সূক্ষ্ম পৰিকল্পিত আৰু অগতানুগতিকভাৱে নিৰ্মাণ কৰিবলৈ এখন বিত্তীয় উপ-সমিতি, পৰিকল্পনা আৰু নিৰ্মাণ উপ-সমিতি আৰু প্ৰচাৰ উপ-সমিতিখনো গঠন কৰে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ পূৰ্ণাংগ দুটা প্ৰতিমূৰ্তি স্থাপন কৰা স্হানক অন্যান্য ৰূপ প্ৰদান কৰি ভূপেন-জুবিন সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে স্থাপন কৰাৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰে সভাপতি ড০ উৎপল দত্তই।