নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ অতপালি, আনোৱাৰ হুছেইনক আটক

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী জুবিনক্ষেত্ৰত ভক্তিভাবে অগণন লোকে সেৱা আগবঢ়াই অহাৰ সময়তে একাংশ নৰাধমৰ কৰ্মকাণ্ডই ক্ষুব্ধ কৰি তুলিছে জুবিন অনুৰাগীক। শেহতীয়াকৈ জুবিনক্ষেত্ৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। আজিও ভিৰৰ সুযোগ লৈ চোৰে চাফাই অভিযান চলায়। চুৰিৰ সমগ্ৰ দৃশ্য চি চি টিভিত বন্দী হয়। জুবিনক্ষেত্ৰত বিভিন্নজনে শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা ধন মোনাত ভৰাই উধাও হোৱাৰ চেষ্টা চলায় এক নৰাধমে। অনুৰাগীয়ে আগবঢ়োৱা ধন চুৰ কৰা চোৰটোক ৰাইজে আজি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। লগতে চোৰটোক দুই-এজনে লপা-থপা দিয়াও দেখা যায়। ধৃত চোৰটো বকো ধূপধৰাৰ আনোৱাৰ হুছেইন। চোৰ আনোৱাৰ হুছেইনক জুবিনক্ষেত্ৰৰ পৰা আটক কৰি সোণাপুৰ আৰক্ষীয়ে থানালৈ লৈ যায়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জুবিনক্ষেত্ৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল।

You might also like