নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লীগ ক্রিকেট খেলিবলৈ আহি হোটেলত আবদ্ধ ক্রিছ গেইলসহ তাৰকা ক্রিকেটাৰ

🔹 ধন দিব নোৱাৰি কাশ্মীৰত লীগ ক্রিকেটৰ আয়োজকৰ পলায়ন

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : জম্মু–কাশ্মীৰত খেলিবলৈ আহি আবদ্ধ হৈ পৰে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্রিকেটাৰ ক্রিছ গেইলসহ কেইবাগৰাকী তাৰকা ক্রিকেটাৰ৷ কাশ্মীৰ লীগৰ আয়োজকৰ পলায়নৰ পিছতে হোটেলত আবদ্ধ হৈ পৰে ক্রিছ গেইল, মার্টিন গুপ্টিল, জেচি ৰাইডাৰকে ধৰি ৩২গৰাকী তাৰকা ক্রিকেটাৰ৷ আয়োজকে অতিথি ক্রিকেটাৰ, আম্পায়াৰ আৰু হোটেলৰ বাবদ দিবলগীয়া ধন দিব নোৱাৰি পলায়ন কৰাৰ পিছত সমস্যাৰ সন্মুখীন হয় এইসকল তাৰকা ক্রিকেটাৰ৷

বিখ্যাত ক্রিকেটাৰসকলে ইণ্ডিয়ান হেভেন প্রিমিয়াৰ লীগত খেলৰ বাবে আহিছিল৷ কাশ্মীৰৰ পর্যটনৰ প্রসাৰৰ বাবে এই বৃহৎ খেলখনৰ আয়োজন কৰা বুলি এখন হোটেলৰ এগৰাকী বিষয়াই সদৰী কৰে৷ কিন্তু আয়োজকে ক্রিকেটাৰসকল থকাৰ বাবদ  হোটেলখনক কোনো ধন প্রদান কৰা নাই৷ তদুপৰি, বন্দোৱস্তি মতে ধন আদায় নিদি পলায়ন কৰাত সমস্যাৰ সন্মুখীন হোৱা ক্রিকেটাৰসকলক অৱশ্যে হোটেল কর্তৃপক্ষই যাবলৈ অনুমতি দিয়ে৷

ইফালে, উমৰান মালিক আৰু পাৰভেজ ৰছুলকে ধৰি একাংশ কাশ্মীৰী ক্রিকেটাৰক আগুৱাই নিয়াৰ লক্ষ্যৰে অনুষ্ঠিত কৰা লীগ খেলখনত ৮টা দলত খেলৰ বাবে ৩২গৰাকী আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰক চুক্তিবদ্ধ কৰিছিল৷ তেওঁলোকৰ আশা আছিল- আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰে খেলিলে যথেষ্ট পৰিমাণে দর্শক আহিব আৰু তেওঁলোকৰ উপার্জন হ’ব৷ কিন্তু কার্যতঃ সেয়া বাস্তৱ নহ’ল৷ গেইলে খেলাৰ সময়ত কিছু দর্শক হৈছিল যদিও বাকী সময়খিনিত গেলাৰী খালী থকাত লোকচানৰ সন্মুখীন হয় আয়োজক৷ ইয়াৰ পিছত আয়োজকে পলায়ন কৰাত লীগ খেলখনো বন্ধ হৈ পৰে৷

You might also like