গোলকগঞ্জত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী মহিলা
গোলকগঞ্জৰ টাইবানৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনা নিহত হয় এগৰাকী মহিলা। লগতে আহত ছয়গৰাকী যাত্ৰী।
AS17C 9924 নম্বৰৰ বেটাৰীচালিত অটো ভান আৰু WB63B 7027 নম্বৰৰ মালবাহী বলোৰো পিক আপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
আহত দুজনৰ অৱস্থা সংকটজনক। আহত সকলোক ধুবুৰী মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰে। আজি পুৱা ১১ বজাত ধুবুৰীমুখী বলেৰ পিক আপখনে বিপৰীতমুখী বেটাৰীচালিত অটো ভানখনক খুন্দিয়ায়।
ফলত এগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন ছয়গৰাকী যাত্ৰী গুৰুতৰভাবে আহত হয়।
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ