শিৱসাগৰত ছোৱাইন ফ্লুৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ, ক্ষতিগ্ৰস্ত থলুৱা পালক
উজনিত ছোৱাইন ফ্লুৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। ভয়ানক ৰূপত ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰি পালক। শিৱসাগৰ জিলাতো ছোৱাইন ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ জিলাখনত ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰিপালকসকল।
জিলাখনত প্ৰায় বিশ কোটিৰো টকাৰো অধিক মূল্যৰ গাহৰিৰ মৃত্যু হোৱা বুলি ঠাৱৰ কৰা হৈছে।ফলত গাহৰি পালনৰ যোগেৰে আত্মসংস্থাপনৰ বাট মুকলি কৰি লোৱা শিক্ষিত নিবনুৱাৰ মাজত হাহাকাৰ লাগিছে। গ্ৰাম্য অৰ্থনীতিত অভূতপূৰ্ব অৰিহণা আগবঢ়াই অহা ক্ষতিগ্ৰস্ত থলুৱা গাহৰিপালকসকলক সাহাৰ্য আগবঢ়াব পৰাকৈ বিভাগৰ হাতত নাই কোনো আঁচনি।
শিৱসাগৰ জিলা প্ৰশাসনে গাহৰি আৰু মাংস কিনা বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই আৰম্ভ হৈছে গাহৰি নিধন যজ্ঞ। দহৰ পৰা পোন্ধৰ লাখলৈকে লোকচান হোৱা থলুৱা গাহৰিপালক সকলৰ চৰকাৰলৈ আহ্বান অসমৰ অৰ্থনীতিত অৱদান আগবঢ়োৱা থলুৱা উদ্যোগটোক নিশেষ হবলৈ নিদিব আমাক সহায় কৰক।
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ