নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহে মানুহৰ বাবে— সুধাকণ্ঠৰ কালজয়ী গীতক ৰাষ্ট্ৰসংঘৰ স্বীকৃতি দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

এইবাৰ বহাগ বিহুত ৰাজ্যৰ প্ৰতিটো বিহু মঞ্চত এটা নিশা সুধাকণ্ঠৰ গীত মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ'ব। বিহু সমিতিসমূহক অধিক অনুদান দি এই ব্যৱস্থা আমি গ্ৰহণ কৰিম

আজিৰ দিনটো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুতিথি। অসমৰ প্ৰতিটো কোণত আজি জনসাধাৰণে গভীৰ শ্ৰদ্ধাৰে সুধাকণ্ঠক স্মৰণ কৰিছে। সমন্বয় ক্ষেত্ৰত আয়োজিত বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰি মহান গায়কজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়— “আজি সমগ্ৰ অসমতে ২ লাখৰো অধিক লোকে ‘মানুহে মানুহৰ বাবে’ গীতটো মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব। এই মহান কামত ভাগ লোৱা সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছো।”

সুধাকণ্ঠৰ স্মৃতি চিৰসজীৱ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে— “ধলা শদিয়াৰ ডঃ ভূপেন হাজৰিকা সেতুত এটা ১০০ ফুটৰো অধিক ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লৈছোঁ। এই প্ৰতিমূৰ্তি অসমৰ লগতে অসম-অৰুণাচলৰ ভ্ৰাতৃত্ববন্ধনক আৰু শক্তিশালী কৰিব।”

তেওঁ আৰু কয় — “এইবাৰ বহাগ বিহুত ৰাজ্যৰ প্ৰতিটো বিহু মঞ্চত এটা নিশা সুধাকণ্ঠৰ গীত মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ’ব। বিহু সমিতিসমূহক অধিক অনুদান দি এই ব্যৱস্থা আমি গ্ৰহণ কৰিম।”

সুধাকণ্ঠৰ গীত ‘মানুহে মানুহৰ বাবে’ক বিশ্বব্যাপী স্বীকৃতি দিয়াৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়— “এই গীতটো সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়াটো আমাৰ লক্ষ্য। মই বিশ্বাস কৰো, আজি নহলেও কাইলৈ এই স্বপ্ন বাস্তৱ হব।”

উল্লেখ্য যে অসমজুৰি আজিৰ দিনটোত সুধাকণ্ঠৰ স্মৃতিত সঙ্গীত, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে।

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like