নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত পাঁচ সহস্ৰাধিক লোকৰ কণ্ঠৰে নিগৰিল ভূপেনদাৰ গীত

ভূপেন হাজৰিকাৰ গীত আৰু গুণানুকীৰ্তনেৰে আজি মুখৰিত হৈ পৰিল তিনিচুকীয়াৰ ল’ৰাৰ আই টি আই খেলপথাৰ। সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষৰ সৈতে সঙ্গতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত বৰগুৰিৰ এই খেলপথাৰত ভাৰত ৰত্ন সঙ্গীতজ্ঞগৰাকীৰ চতুৰ্দশ স্মৃতি দিৱস আজি বিশেষভাবে উদযাপন কৰা হয়।

ইয়াত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ সহস্ৰাধিক লোকে সমস্বৰে তেওঁৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক বিখ্যাত গীতটি পৰিবেশন কৰে। ৰভাথলীৰ বাহিৰতো বহু লোক সমবেত হোৱা দেখা যায়। তাৰ পূৰ্বে জিলাখনৰ সকলো প্ৰান্তৰ পৰা অহা বচা বচা দুশ শিল্পীয়ে সমস্বৰে সুধাকন্ঠৰ কেবাটাও অমৰ গীতৰ এটি অনুপম সংমিশ্ৰণ পৰিবেশন কৰে।

এই গীতৰ সুন্দৰ পৰিবেশনে অনুষ্ঠানটিক আৰম্ভণিতেই প্ৰাণৱন্ত কৰি তোলে। তাৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাংবাদিক -লেখক অমূল্য খাটনিয়াৰে ভূপেন হাজৰিকাৰ জীৱন দৰ্শন সম্পৰ্কে মূল বক্তৃতা প্ৰদান কৰে। ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশান আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনেও চমু ভাষণত ড: হাজৰিকাৰ কৰ্মৰ মহত্বৰ বিষয়ে উল্লেখ কৰে।

সভাত জিলা আয়ুক্ত স্বপ্নীল পাল, পদ্মশ্ৰী দুলাল মানকি, জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ঙ্ক আগৰৱালা, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানত ভূপেন জন্ম শতবাৰ্ষিকী উপলক্ষে ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা এশটকীয়া মুদ্ৰাটো মন্ত্ৰী গোৱালাই আনুষ্ঠানিকভাৱে দুলাল মানকিৰ হাতত অৰ্পন কৰে।

সভাৰ আৰম্ভণিতে অতিথিসকলে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে। খেলপথাৰৰ প্ৰৱেশ দ্বাৰতো সৰ্বসাধাৰণ ৰাইজৰ দ্বাৰা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পনৰ ব্যৱস্থা কৰা হয়।

ইফালে ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়াৰ উপৰিও আজি মাৰ্ঘেৰিটাতো সম-জিলা প্ৰশাসনৰ উদ্যোগত এই দিৱস অনুৰূপ কাৰ্যসূচীৰে উদযাপন কৰা হয় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

নিয়মীয়া বাৰ্তা, তিনিচুকীয়া, ৫ নৱেম্বৰ

You might also like