নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত দুই প্রাক্তন ক্রিকেটাৰ সুৰেশ ৰাইনা-শিখৰ ধাৱন, ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ

নিউজ ডেস্ক, ৭ নৱেম্বৰ : বিপদত ভাৰতীয় দলৰ প্রাক্তন ক্রিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱন! শেহতীয়াকৈ ইডিয়ে দুয়োৰে পৰা মুঠ ১১.১৪ কোটি টকা (প্রায় ১.১৪ বিলিয়ন ডলাৰ)ৰ সম্পত্তি জব্দ কৰিছে৷ ধন সৰবৰাহ প্রতিৰোধ আইন (পিএমএলএ), ২০০২ৰ অধীনত এই বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰা হৈছে৷ জব্দ কৰা সম্পত্তিৰ ভিতৰত সুৰেশ ৰাইনাৰ নামত আছে ৬.৬৪ কোটি টকাৰ মিউচুৱেল ফাণ্ড বিনিয়োগ আৰু শিখৰ ধাৱনৰ নামত ৪.৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে৷

বিভিন্ন ৰাজ্যত দাখিল হোৱা এজাহাৰৰ ভিত্তিত ইডিয়ে তদন্ত কৰে৷ এই তদন্ত অনলাইন বেটিং এপ 1xBet ৰ সৈতে জড়িত৷ তদন্তত প্রকাশ পাইছে যে 1xBet আৰু ইয়াৰ চেৰ’গেট ব্রেণ্ড 1xBat আৰু 1xBat Sporting Lines–এ ভাৰতত অনুমোদন অবিহনে অনলাইন পণ আৰু জুৱাৰ প্রচাৰ চলাইছিল৷ ইডিৰ মতে, এই প্লেটফর্মসমূহৰ প্রচাৰৰ বাবে ৰাইনা আৰু ধাৱনে বিদেশী কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিছিল৷ লগতে বিদেশী চেনেলৰ জৰিয়তে ধনৰ লেনদেন হৈছিল৷ এই ধন অবৈধ জুৱাৰ জৰিয়তে উপার্জন কৰা হৈছিল আৰু তেওঁলোকৰ পৰিচয় লুকুৱাই ৰাখিবলৈ জটিল লেনদেন কৰা হৈছিল৷ এই গোচৰত ইডিয়ে চাৰিটা পেমেণ্ট গেটৱে’ত অভিযান চলাই ৬০টাতকৈও অধিক বেংক একাউণ্ট ফ্রীজ কৰি ৰাখিছে৷ এতিয়ালৈকে ৪ কোটিতকৈ অধিক ধন ফ্রীজ কৰা হৈছে৷ এনে ক্ষেত্রত ইডিয়ে জনতাক যিকোনো প্রকাৰৰ অনলাইন জুৱা বা প্রচাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷

ইডিয়ে কয় যে অবৈধ পণ আৰু জুৱাৰ ফলত আর্থিক লোকচান হোৱাৰ লগতে অন্যান্য অবৈধ কাম–কাজৰ বাবেও উৎসাহিত কৰে৷ ইয়াৰ উপৰি জনতাই কোনো সন্দেহজনক অনলাইন বিজ্ঞাপন বা লেনদেন দেখিলে লগে লগে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়৷

You might also like