নিয়মীয়া বাৰ্তা, বৰমা, ৭ নৱেম্বৰ : বাক্সা জিলাৰ বৰমাত দ্বিতীয় বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱত জুবিন গাৰ্গ সোঁৱৰণী মঞ্চত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত কুৰিগৰাকী বাঁহীবাদকে বাঁহীৰ সুৰেৰে স্মৰণ কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। বাঁহীৰ সুৰেৰে মুখৰিত হৈ পৰিল দ্বিতীয় বাৰ্ষিক বৃহত্তৰ বৰমা ৰাস মহোৎসৱস্থলী। ৰাস মহোৎসৱ উদযাপন সমিতিয়ে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আয়োজন কৰিছিল এই অনুষ্ঠানৰ । জুবিন গাৰ্গৰ মায়াবিনী প্ৰাণ পাই উঠিল বাঁহীৰ সুৰত। ইয়াৰ লগতে অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদক দীপক শৰ্মালৈও বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত বৰমাৰ লগতে বিভিন্ন প্ৰান্তৰ বিশগৰাকী বাঁহীবাদক উপস্থিত থাকে ।
উল্লেখ্য যে বাক্সা জিলাৰ বৰমাত ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এঘাৰদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৫ লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত কৰা হৈছে দ্বিতীয় বাৰ্ষিক বৃহত্তৰ বৰমা ৰাস মহোৎসৱ। মৰাপাগলদিয়া নৈৰ দাঁতিতেই বৰমাত অনুষ্ঠিত এই ৰাস মহোৎসৱত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত-দৰ্শনাৰ্থীৰ সমাগম পৰিলক্ষিত হৈছে । নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী এই অঞ্চলটোৰ ৩১খনকৈ গাঁৱৰ ৰাইজৰ সহযোগত এই ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । এই ৰাস মহোৎসৱ উপভোগ কৰিবলৈ সমূহ ভক্তিপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাইছে উদ্যোক্তা সমিতিয়ে।