নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমন্বয়ৰ ক্ষেত্ৰত পৰিণত ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস মহোৎসৱৰ বাকৰি

নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ৭ নৱেম্বৰ : পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰাৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰিল। প্ৰতিটো জাতি-জনগোষ্ঠীৰ বাবে পৰিণত হ’ল মহামিলনৰ তীৰ্থভূমিত।

উল্লেখ্য যে স্থানীয় আই এন এ খেলপথাৰ আৰু ৰাজহুৱা পথাৰত অস্থায়ীভাৱে নিৰ্মিত ৰাস মন্দিৰত ৪ নৱেম্বৰৰ সন্ধিয়া ৮ বজাৰ পৰা শ্ৰীশ্ৰী ৰাধা-কৃষ্ণৰ ৰাস পূজা অনুষ্ঠিত কৰা হয়। মূল সমিতিৰ সভাপতি ড° অশোক কুমাৰ সিংহী আৰু উদযাপন সমিতিৰ সভাপতি অশোক দাসে জানিবলৈ দিয়া মতে, সিদিনা নিশা বনমালু দাস বাবাজীয়ে ভাগৱত পাঠ কৰাৰ দৰে আই এন এ উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ ৰঘুনাথ পোদ্দাৰে ৰাস কীৰ্ত্তন পৰিৱেশন কৰি ভক্তিপ্ৰাণ ৰাইজক ভক্তিৰ ৰসৰ আস্বাদন কৰোৱায়। ৫ নৱেম্বৰত নাম-কীৰ্ত্তন অনুষ্ঠিত কৰাৰ লগতে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

৬ নৱেম্বৰৰ সন্ধিয়া ৮ বজাৰ পৰা ৰাস মহোৎসৱৰ মূল দ্বাৰৰ লগতে বিভিন্ন অনুষ্ঠান উদ্বোধন কৰা হয়। প্ৰথমতে মহোৎসৱৰ মূল দ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ড° অশোক কুমাৰ সিংহীয়ে। ইয়াৰ পিছতে মন্দিৰ প্ৰাংগণমুখী দ্বাৰ উদ্ঘাটন কৰে বিলাসীপাৰা সমজিলা আয়ুক্তা ড° প্ৰীতি লেখা ডেকাই। মন্দিৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা শ্ৰীশ্ৰী কৃষ্ণই জন্মগ্ৰহণ কৰা কংসৰ কাৰাগাৰ উদ্বোধন কৰে সমজিলা আৰক্ষী অধীক্ষক অম্বৰীশ শৰ্মাই। ৰাস চক্ৰ, ৰাস মন্দিৰৰ বেদীত প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী ৰাধা-কৃষ্ণৰ আশিস লৈ আমন্ত্ৰিত অতিথিসকলে ৰাসৰ বাকৰিত স্থাপন কৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অতিথিসকলৰ লগতে উপস্থিত ৰাইজে সমস্বৰে কালজয়ী গীত ‘মায়াবিনী’ পৰিৱেশন কৰি ৰাস মহোৎসৱৰ বাকৰি মুখৰিত কৰি তোলে। ইয়াৰ পিছতে মহোৎসৱথলীত নিৰ্মাণ কৰি উলিওৱা জুবিন উদ্যান সমজিলা আৰক্ষী অধীক্ষক শৰ্মাই মুকলি কৰে।

বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠানৰ সমাহাৰৰে ২২ নৱেম্বৰলৈ চলিবলগীয়া মহোৎসৱৰ ১৫, ১৬ আৰু ১৭ নৱেম্বৰৰ নিশা বীণাপাণি থিয়েটাৰ গোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰিব। ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰাৰ লগতে আমন্ত্ৰিত নাগাৰা দলৰ দ্বাৰা নাম-কীৰ্ত্তন পৰিৱেশন কৰা হব। ১৯ নৱেম্বৰত কলকাতাৰ পৰা আমন্ত্ৰিত শিল্পীয়ে বাউল সমগীত পৰিৱেশন কৰাৰ দৰে ২০ নৱেম্বৰত বিলাসীপাৰাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সমন্বয়ত সংগীত, নৃত্য আৰু নাটক প্ৰদৰ্শন কৰা হব।অন্তিম দিনা অৰ্থাৎ ২২ নৱেম্বৰত জুবিন গাৰ্গৰ সোৱঁৰণত শৰতৰ এটি সন্ধিয়া অনুষ্ঠিত কৰা হব।

You might also like