নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণ

ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ প্রায় চাৰে চাৰি বছৰীয়া কার্যকালত অসমখন সকলোধৰণৰ আন্দোলনৰ পৰা মুক্ত হৈ আছিল৷ যোৱা চাৰিটা দশকৰ ইতিহাসত এনে দীঘলীয়া সময় এছোৱা অসম আন্দোলনমুক্ত হৈ থকাৰ উদাহৰণ অত্যন্ত বিৰল৷ সময়ে সময়ে কিছু বিক্ষিপ্ত ইছ্যুত ৰাজ্যত বিক্ষিপ্তভাৱে দুই–এটা আন্দোলন হৈছিল যদিও সেয়া সংঘবদ্ধ নাছিল অথবা মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ স্বভাৱসুলভ বিচক্ষণতাৰে সেই ইছ্যুবোৰ সমাধান কৰাত আন্দোলনবোৰ কলিতে মষিমূৰ হৈছিল৷ কিন্তু এইবাৰৰ ছবিখন কিছু পৃথক৷ প্রত্যাশিতভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যুটোৱে এইবাৰ মূৰ দাঙি উঠিছে৷ ইতিমধ্যে জনজাতিকৰণক লৈ ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন দল–সংগঠনে সংঘবদ্ধভাৱে আন্দোলনত নামি পৰিছে৷ বিশেষকৈ ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই নির্বাচনৰ পূর্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবেই মূলতঃ চৰকাৰখনক চাপ দিবলৈ এই ইছ্যুটোক লৈ উজনি–নামনি উত্তাল হৈ পৰিছে৷ টাই আহোম, মৰাণ, চুতীয়া, আদিবাসী সংগঠনসমূহ যোৱা মাহদিয়েক ধৰি ৰাজপথত আন্দোলনৰ কার্যসূচী লৈ আহিছে৷ কার্যতঃ বিৰোধীশূন্য অসমত এতিয়া এই জনগোষ্ঠীসমূহৰ দল–সংগঠনকেইটাৰ আন্দোলনেই এক অন্যতম চৰকাৰবিৰোধী ইছ্যু হৈ পৰিছে৷ আৰু চৰকাৰখনৰ বাবেও ভুকুতে কলটো পকাব নোৱাৰা এই জনজাতিকৰণৰ ইছ্যুটোৱে কিছু অস্বস্তিৰ সৃষ্টি কৰিছে৷ অসমৰ সামাজিক, ভৌগোলিক আৰু ৰাজনৈতিক সমস্যা আৰু সমাধানবোৰ নখদর্পণত থকা মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে জনজাতিকৰণৰ ইছ্যুটোক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰি কৈছে যে অহা ২৫ নৱেম্বৰত বিধানসভাৰ মন্ত্রীগোটৰ আগত জনজাতিকৰণৰ প্রতিবেদন দাখিল কৰা হ’ব আৰু তাৰ পিছত পর্যায়ক্রমে অনুমোদনৰ ব্যৱস্থা কৰা হ’ব৷ কার্যতঃ সেই সময়লৈ জনজাতিকৰণৰ ইছ্যুটোক লৈ মাত মাতি অহা অথবা আন্দোলনত নামি পৰা দল–সংগঠনসমূহক তেওঁ পৰোক্ষভাৱে আন্দোলনৰ কার্যসূচী নল’বলৈ আহ্বান জনায়৷ জনজাতিকৰণৰ ইছ্যুটোত স্বয়ং চৰকাৰখনৰো যে সদিচ্ছা আছে, সেই কথা মুখ্যমন্ত্রীয়ে প্রকাশ্যে প্রকাশ কৰিছে৷ তেওঁ কেইবাবাৰো উল্লেখ কৰিছে যে জনজাতিকৰণৰ বাবে ৰাজপথত আন্দোলন কৰা লোকসকলৰ মাজত বৃহৎসংখ্যক বিজেপি কর্মীও আছে৷ অৱশ্যে মুখ্যমন্ত্রীৰ এই ঘোষণায়েও জনগোষ্ঠীসমূহক অদ্যাপি বিশেষ আশ্বস্ত কৰিব পৰা নাই, যাৰ বাবে তেওঁলোকে আন্দোলনৰ পথৰ পৰা এতিয়ালৈকে আঁতৰি অহা নাই৷
ইয়াৰ বিপৰীতে সময় যিমানেই বাগৰিছে, অর্থাৎ বিধানসভা নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানে জনজাতিকৰণক লৈ আন্দোলন তীব্রতৰ হৈহে অহা পৰিলক্ষিত হৈছে৷ প্রথম অৱস্থাত উজনিৰ ধেমাজি, তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, যোৰহাটতে জনজাতিকৰণৰ ইছ্যুক লৈ এই আন্দোলন সীমাবদ্ধ আছিল যদিও শেহতীয়াকৈ নামনিতো আন্দোলন ব্যাপক ৰূপত হোৱা দেখা গৈছে৷ আছা তথা আদিবাসী সংগঠনসমূহে নামনিৰ গোসাঁইগাঁও, কোকৰাঝাৰত জনজাতিকৰণৰ আন্দোলনক লৈ উত্তাল কৰি অহাৰ পিছত শেহতীয়াকৈ ওদালগুৰি, টংলা আদিতো হাজাৰ হাজাৰ আদিবাসী লোকে ৰাজপথ উত্তাল কৰি তুলিছে৷ ইয়াৰ মাজতে কালি দুধনৈত কেইবা হাজাৰো ৰাভা হাছং জনগোষ্ঠীৰ লোকে ষষ্ঠ অনুসূচীৰ দাবীত তীব্র আন্দোলন কৰা পৰিলক্ষিত হৈছে৷ জনজাতিকৰণ বিচৰা জনগোষ্ঠীসমূহৰ প্রধান ক্ষোভৰ কাৰণটোৱে হ’ল– বিগত প্রায় দহ বছৰ ধৰি তেওঁলোকক জনজাতিকৰণ প্রদান কৰিব বুলি আভুৱা–ভাঁৰি থকাৰ গুৰুতৰ অভিযোগ৷ এই জনগোষ্ঠীসমূহে অভিযোগ কৰা মতে, ২০১৪ৰ লোকসভা নির্বাচনৰ প্রচাৰৰ সময়তে তেতিয়াৰ প্রধানমন্ত্রী পদৰ প্রার্থী নৰেন্দ্র মোদীয়ে চৰকাৰ গঠন হ’লেই জনজাতিকৰণৰ প্রতিশ্রুতি দিছিল৷ কিন্তু কার্যতঃ কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতো যোৱা এটা দশকৰ ওপৰ কাল জনগোষ্ঠীকেইটাক জনজাতিকৰণ কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ হাতত নল’লে৷ ইয়াৰ বিপৰীতে তেওঁলোকক বিভিন্ন অজুহাত দেখুৱাই এই সমস্যাটো দীঘলীয়াহে কৰি লৈ যোৱাৰ অভিযোগ কৰিছে৷ সেয়ে এইবাৰ নির্বাচনৰ পূর্বেই ছয় জনগোষ্ঠীক যেনেতেনে জনজাতিকৰণ কৰিব লাগিবই বুলি তেওঁলোকে সজোৰে দাবী উত্থাপন কৰিছে৷ ইতিমধ্যে এই ইছুটোৱে যোৱা প্রায় তিনিটা মাহ ৰাজ্যখনৰ উজনি–নামনি উত্তাল কৰি অহাৰ পিছত বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্য চৰকাৰে কেনেধৰণৰ সমাধান সূত্র উলিয়ায় সেই কথাই বিশেষ লক্ষণীয় হ’ব৷ বিশেষকৈ নির্বাচনত যাতে জনজাতিকৰণ এক প্রধান ইছ্যু হ’ব নোৱাৰে তাৰ বাবে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে সময়োপযোগী পদক্ষেপ গ্রহণ কৰিব৷

You might also like