নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী প্ৰেছ ইউনাইটেডৰ ব্যাপক কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ নৱেম্বৰ : ধুবুৰীৰ তিনিটাকৈ সাংবাদিক সংস্থাই উমৈহতীয়াভাৱে ১৬ নৱেম্বৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটো দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰিব বুলি উদ্যোক্তাসকলে সদৰী কৰিছে। ধুবুৰী জাৰ্নেলিষ্ট এছচিয়েচন, ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু নেতাই ধুবুনী প্ৰেছ ক্লাব ধুবুৰীয়ে ধুবুৰী প্ৰেছ ইউনাইটেড শীৰ্ষক এক মঞ্চৰ জৰিয়তে একত্ৰভাৱে উদযাপিত কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অসমৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব।

কাৰ্যসূচী অনুসৰি, ধুুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ১৬ নৱেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটিব। তাৰ পিছত অনুষ্ঠিত হ’ব স্মৃতি তৰ্পণ অনুষ্ঠান। উদ্বোধন কৰিব ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অৱসৰী অধ্যক্ষ ড০ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে। পুৱা ১০ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গছপুলি ৰোপণ তথা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উক্ত কাৰ্যসূচীৰ অন্তত শিল্পীগৰাকীৰ স্মৃতিত উলিওৱা হ’ব এক মৌন সমদল। উদ্বোধন কৰিব ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক দেৱাশিস বৰাই। দুপৰীয়া ১ বজাত অনুষ্ঠিত হ’ব জুবিন সংগীত প্ৰতিযোগিতা। দুপৰীয়া ২ বজাৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে।

“নতুন সাহসী যুগৰ সাংবাদিকতা : কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ, সংবাদ মাধ্যম আৰু প্ৰেছ স্বাধীনতা” (Reporting in the Brave New World : The Impact of Artificial Intelligence on Press Freedom and Media) শীৰ্ষক আলোচনা-চক্ৰখন অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব। সেই সভাখনতে “ধুবুনী” শীৰ্ষক এখন বাৰ্ষিক মুখপত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব জুবিন সন্ধিয়া শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান।

নামতীসকলৰ নাম-কীৰ্তনেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হ’বলগীয়া সেই কাৰ্যসূচীত ৫২গৰাকী স্থানীয় শিল্পীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ কালজয়ী গীত “মায়াবিনী” পৰিৱেশন কৰিব।

You might also like