নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৬০ কিঃগ্ৰা এমোনিয়াম নাইট্ৰেট উদ্ধাৰ… উত্তৰ ভাৰতক লক্ষ্য কৰি ৰচা পৰিকল্পনা ধ্বংস

অভিযানটো আগবঢ়াৰ লগে লগে আন এজন সন্দেহভাজন ড° মুজাম্মিলকো গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ফৰিদাবাদৰ “আল-ফলাহ ইউনিভাৰ্চিটি”ত অধ্যাপনা কৰিছিল। সম্পূৰ্ণ মডিউলত তেওঁৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলি অনুমান কৰা হৈছে

হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ ধৌজ গাঁৱত ভাৰাঘৰৰ পৰা বিপুল পৰিমাণে বিস্ফোৰক আৰু অস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে সুৰক্ষা সংস্থাসমূহৰ মাজত চাঞ্চল্য সৃষ্টি হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী, ইন্টেলিজেন্স বুৰ’ (IB) আৰু হৰিয়ানা আৰক্ষীৰ যৌথ অভিযানৰ ফলত উত্তৰ ভাৰতত পৰিকল্পনা কৰা সম্ভাৱ্য বিধ্বংসী আক্ৰমণ এখন ৰোধ কৰিবলৈ সক্ষম হয়। প্ৰাৰম্ভিক তদন্তত এই ঘটনাটো এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় আতংকবাদী মডিউলৰ অংশ বুলি ধাৰণা কৰা হৈছে, যাৰ যোগ সীমান্তৰ পাৰলৈও বিস্তৃত হ’ব পাৰে।

আদিলৰ গ্ৰেপ্তাৰত মিলিল প্ৰথম সূত্ৰ

জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰথমে ড° আদিল আহমেদ ৰাথোড়ৰক গ্ৰেপ্তাৰ কৰিছিল। সোধাপোছাৰ সময়ত আদিলে নিজৰ নেটৱৰ্কৰ আন সদস্য আৰু তেওঁলোকৰ কার্যকলাপৰ বিষয়ে গুৰুত্বপূর্ণ তথ্য প্ৰকাশ কৰে। এই তথ্যৰ আধাৰত আৰক্ষীয়ে তদন্ত আগবঢ়ায়। ৩০ অক্টোবৰত নেটৱৰ্কৰ আন সদস্য ড° শাকিলকো আটক কৰা হয়। দীঘলীয়া সোধাপোছাৰ পিছত শাকিলে স্বীকাৰ কৰে যে তেওঁ ফৰিদাবাদৰ ধৌজ গাঁৱত বিপুল পৰিমাণে বিস্ফোৰক আৰু অস্ত্ৰ লুকুৱাই ৰাখিছিল। তেওঁৰ এই স্বীকাৰোক্তিৰ আধাৰত আৰক্ষীয়ে শাকিলক দেওবাৰে ফৰিদাবাদলৈ যায় আৰু সংশ্লিষ্ট ঘৰটো চিনাক্ত কৰে।

মুজাম্মিলৰ গ্ৰেপ্তাৰ

অভিযানটো আগবঢ়াৰ লগে লগে আন এজন সন্দেহভাজন ড° মুজাম্মিলকো গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ফৰিদাবাদৰ “আল-ফলাহ ইউনিভাৰ্চিটি”ত অধ্যাপনা কৰিছিল। সম্পূৰ্ণ মডিউলত তেওঁৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলি অনুমান কৰা হৈছে।

বিস্ফোৰক আৰু অস্ত্ৰ উদ্ধাৰ

তালাচীৰ সময়ত আৰক্ষীয়ে প্ৰায় ৩৬০ কিলোগ্ৰাম সন্দেহজনক এমোনিয়াম নাইট্ৰেট পায়— যি অত্যন্ত দাহ্য পদাৰ্থ আৰু IED (Improvised Explosive Device) নিৰ্মাণত প্ৰধান উপাদান হিচাপে ব্যৱহৃত হয়। যদিও এইটো RDX নহয় বুলি আৰক্ষীয়ে জনায়, তথাপিও ই অতি বিপজ্জনক আৰু বৃহৎ বিস্ফোৰণ ঘটাব পৰা সক্ষম।

তদন্তৰ সময়ত প্ৰায় ৫ কিলো ভাৰী ধাতু উদ্ধাৰ হয়, যাৰ ব্যৱহাৰ IEDৰ ধ্বংসক্ষমতা বৃদ্ধি কৰিবলৈ কৰা হয়। লগতে ২০টা টাইমাৰ, বেটাৰী, ২৪টা ৰিম’ট, বৈদ্যুতিক তাঁৰ, আৰু কেইবাখনো ইলেক্ট্ৰনিক চাৰ্কিটো উদ্ধাৰ কৰা হয়। এই সকলো সামগ্ৰী চাওঁতে স্পষ্ট যে উচ্চ-ক্ষমতাৰ একাধিক IED তৈয়াৰ কৰিবলৈ এইবোৰ সংগ্ৰহ কৰা হৈছিল।

অস্ত্ৰ উদ্ধাৰ

উদ্ধাৰ হোৱা সামগ্ৰীৰ মাজত এটা AK-47 ধৰণৰ আছল্ট ৰাইফল পোৱা যায়, যদিও আকৃতিত কিছু ক্ষুদ্ৰ। লগতে তিনিটা মেগজিন, ৮৪টা জীৱন্ত কাৰ্টুিছ, এটা পিষ্টল, লাইভ ৰাউণ্ড আৰু দুটা খালী কাৰ্টুছো উদ্ধাৰ হয়। আনহাতে মুঠে ১২টা ছুটকেচ উদ্ধাৰ হয়, য’ত বিস্ফোৰক আৰু আন সামগ্ৰী লুকুৱাই ৰাখা হৈছিল। আৰক্ষীয়ে কেইবাটাও ৱাকী-টকী ছেট আৰু যোগাযোগ সামগ্ৰীও উদ্ধাৰ কৰে।

বৃহৎ ষড়যন্ত্ৰৰ সংকেত

প্ৰাৰম্ভিক তদন্তত অনুমান কৰা হৈছে যে আটকাধীন ব্যক্তিসকলে এটা সংগঠিত আতংকবাদী মডিউলৰ অংশ, যাৰ লক্ষ্য আছিল উত্তৰ ভাৰতত বৃহৎ পৰিসৰত আক্ৰমণ সংঘটিত কৰা। যদি এই বিস্ফোৰকবোৰ সময়মতে উদ্ধাৰ নোহোৱাকৈ থাকিলহেঁতেন, তেন্তে ভয়ংকৰ ঘটনাৰ সম্ভাৱনা আছিল। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই অভিযানক “বৃহৎ ব্ৰেকথ্ৰু” বুলি বৰ্ণনা কৰি কয়— “এই অভিযানৰ ফলত এটা ডাঙৰ আক্ৰমণ ৰোধ কৰা গ’ল।”

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ

You might also like