নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিস্ফোৰণৰ ষড়যন্ত্ৰকাৰীয়ে নাপাব ৰেহাই, ভূটানৰ পৰা গৰজি উঠিল মোদী

নিউজ ডেস্ক, ১১ নৱেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূটানৰ পৰাই দিল্লী বিস্ফোৰণৰ সৈতে জড়িত ষড়যন্ত্ৰকাৰীলৈ কঠোৰ সতৰ্কবাণী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ জনায় যে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত ষড়যন্ত্ৰকাৰীসকলে ৰক্ষা নাপাব।

তেওঁ কয়- “আজি মই ইয়াত অতি ভাৰাক্ৰান্ত মন লৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়াৱহ ঘটনাই সকলোৰে মনত যন্ত্ৰণাৰ সৃষ্টি কৰিছে। আক্ৰান্তসকলৰ পৰিয়ালৰ দুখ মই বুজোঁ। আজি গোটেই দেশ তেওঁলোকৰ কাষত আছে। কালি ৰাতিৰ পৰা মই তদন্তৰ সৈতে জড়িত সকলো সংস্থা আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ ৰাখিছিলোঁ। আলোচনাও কৰিছোঁ। আমাৰ সংস্থাসমূহে এই ঘটনাৰ মূল পৰ্যন্ত উপনীত হ’ব। ষড়যন্ত্ৰকাৰীসকলে ৰেহাই নাপাব।”

মঙলবাৰে পুৱাই তেওঁৰ বিমান ভূটান অভিমুখে উৰা মাৰে। প্ৰধামন্ত্ৰী মোদীক ভূটানৰ বিমানবন্দৰত উষ্ণ আদৰণি জনায়। ভূটানৰ চতুৰ্থ ৰজা জিগমে সিংগে ৱাংচুকৰ ৭০সংখ্যক জন্মবাৰ্ষিকীত অংশগ্ৰহণ কৰিবলৈয়ে মুখ্যতঃ ভূটানলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। সমান্তৰালভাৱে মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। ইয়াৰ উপৰি পুনাতসাংচু ২ জলবিদ্যুৎ প্ৰকল্পৰ উদ্বোধনো এই ভ্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হ’ব বুলি ধাৰণা কৰা হৈছে। এই প্ৰকল্প আৰম্ভ হ’লে দুয়োখন দেশৰ বিদ্যুৎ উৎপাদন আৰু বাণিজ্য আৰু অধিক শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে।

You might also like