নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আর্দ্রভূমিৰ গুৰুত্ব

পৃথিৱীৰ বৃক্কক লৈ মানুহ সচেতন নহয়৷ মানুহ শিক্ষিত হৈছে, মানুহে চিন্তা কৰিবলৈ শিকিছে, কিন্তু মানুহে পৃথিৱীখনক সুন্দৰ কৰি ৰাখিবলৈ শিকা নাই৷ সেয়ে চৌদিশে প্রদূষণ৷ পৃথিৱীখনক সকলোতকৈ বেছি অনিষ্ট কৰিছে মানুহেই৷

এই কথাবোৰ সকলোৱে জনাৰ পিছতো আমি নিজকে সংশোধন কৰিব পৰা নাই৷ আমাৰ পাৰিপার্শ্বিকতাৰ ৰক্ষাকৱচ হ’ল আর্দ্রভূমিবোৰ৷ আর্দ্রভূমিক পৃথিৱীৰ বৃক্ক বুলি কোৱা হয়৷ কিন্তু আর্দ্রভূমিক লৈও মানুহ সচেতন নহয়৷

সময়ৰ লগে লগে বিভিন্ন পৰিৱেশগত সমস্যাহ জলাশয়সমূহক প্রভাৱিত কৰিছে৷ তথ্য অনুসৰি অসমত প্রায় ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে৷ অসমত আর্দ্রভূমিয়ে আগুৰা মুঠ মাটিকালি প্রায় ১,৩৪,১৩৭ হেক্টৰ৷

সংৰক্ষণ আৰু সংশোধন, খাদ্য–সামগ্রীৰ উৎস, গ্রাম্য অর্থনীতিৰ ভেটি শক্তিশালী কৰা আর্দ্রভূমিবোৰ আমাৰ বাবে কিমান গুৰুত্বপূর্ণ, সেই কথা হয়তো আমি আজিও অনুধাৱন কৰিব পৰা নাই৷ আমি সকলোৱে জানো বৰষুণৰ পানীবোৰ বৈ গৈ জলাশয়, বিলত জমা হয়৷ তাৰ পৰাহে পানীবোৰ প্রাকৃতিক প্রক্রিয়াৰে ভূ–গর্ভত জমা হয়৷

সেই ভূ–গর্ভত জমা হোৱা পানীৰ দ্বাৰাই গছ–গছনিবোৰ সজীৱ হোৱাৰ লগতে মানুহেও কুঁৱা বা অন্য বিকল্পৰ দ্বাৰা ব্যৱহাৰ কৰে৷ মাছৰ প্রাকৃতিক উৎসও হ’ল এই আর্দ্রভূমিসমূহেহ৷ আর্দ্রভূমিত নিজে নিজে গজি উঠা বেত, নল আদিৰ দ্বাৰাও সৌন্দর্যবর্ধক সামগ্রী তৈয়াৰ কৰিব পাৰি৷ এই সামগ্রীসমূহ নির্মাণ কৰিও এখন বজাৰ গঢ়ি ডঠাও দেখা যায়৷

গৰু–ম’হৰ দৰে পোহনীয়া জন্তুবোৰ পোহপাল দিয়াৰ বাবে প্রয়োজনীয় ঘাঁহো আর্দ্রভূমিসমূহৰ পৰাহ লাভ কৰে৷ এহ আর্দ্রভূমিসমূহৰ ওপৰত নির্ভৰ কৰিয়ে বহুতো জীৱ–জন্তু যেনে–সাপ, ভেকুলী, ডাউক, মাছৰোকা, পানীকাডৰী লগতে ভিন্ন পোক–পতংগ জীয়াহ থাকে৷ মুঠতে আর্দ্রভূমিসমূহৰ পৃথিৱীৰ প্রতি যি সেৱা, সেই সকলোবোৰ লিখি শেষ কৰিব নোৱাৰি৷

কিন্তু দুর্ভাগ্যৰ কথা যে ইমানৰ পিছতো পৃথিৱীৰ সকলোতকৈ বিপন্ন পৰিৱেশতন্ত্র হিচাপে আর্দ্রভূমিসমূহ চিনাক্ত হোৱাটো দুর্ভাগ্যজনক৷ মানুহ আর্দ্রভূমিসমূহক লৈ যথেষ্ট সচেতন হ’ব লাগিছিল, কিন্তু সেই অনুপাতে মানুহ সচেতন নহয়৷

আর্দ্রভূমিসমূহৰ গুৰুত্ব আৰু প্রয়োজনীয়তা সম্পর্কে মানুহক অৱগত কৰিবলৈ দিৱস পালন কৰা হয় যদিও ইয়াৰ সুপ্রভাৱ বৰ বেছি পৰা দেখা নাই৷ জলবায়ু, জৈৱ–বৈচিত্র্যৰ সংকট দূৰ কৰিবলৈ বহনক্ষম উন্নয়নৰ লক্ষ্যৰে আর্দ্রভূমিবোৰৰ পুনৰুদ্ধাৰৰ প্রয়োজন৷

জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে জলাশয়বোৰ পুতি ঘৰ–দুৱাৰ, অট্টালিকা, পার্ক আদি নির্মাণ কৰিবলৈ ধৰিছে৷ ডদ্যোগ নির্মাণৰ বাবেও জধেমধে জলাশয়বোৰ পুতি সমতল কৰি ঠাই উলিয়াইছে৷ বাট–পথ ডন্নয়ন, নির্মাণৰ বাবেও বহু সময়ত জলাশয়বোৰ পুুতি পেলোৱা হৈছে৷

ইয়াৰ উপৰি জলাশয়সমূহত কিছু অসচেতন ব্যক্তিয়ে পেলনীয়া সমাগ্রীসমূহ পেলায়ো পৰিৱেশ বিষাক্ত কৰিছে৷ গুৱাহাটী মহানগৰৰ দক্ষিণ–পশ্চিম দিশত অৱস্থিত দীপৰ বিল৷ এই দীপৰ বিললৈ ভিন্ন প্রজাতিৰ পৰিভ্রমী চৰাইৰ আগমন ঘটে৷

কিন্তু দীপৰ বিলক লৈ ভিন্ন সময়ত আমি বাতৰিত পঢ়িবলৈ পাওঁ যে দীপৰ বিল ক্রমাৎ সংকুচিত, প্রদূষিত হৈছে৷ আমি সময় থাকোঁতেই আর্দ্রভূমিৰ গুৰুত্ব সম্পর্কে যদি উপলব্ধি নকৰোঁ, তেনেহ’লে ভূজলৰ ভাণ্ডাৰ দ্রুতগতিত হ্রাস পাব৷

থলুৱা উদ্ভিদ আৰু প্রাণী অস্তিত্বৰ সংকটত পৰিব৷ খেতিপথাৰৰ মাটিৰ উর্বৰতা হ্রাস পাব৷ গ্রামাঞ্চলৰ বৃহৎসংখ্যক লোকৰ জীৱিকাৰ পথো বন্ধ হ’ব৷ সেয়ে ইমানবোৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ আমি আর্দ্রভূমিৰ অনিষ্ট হোৱা কামবোৰৰ পৰা আঁতৰি থাকিব লাগিব৷

যিকোনো মূল্যৰ বিনিময়ত আমি আর্দ্রভূমিসমূহ জীয়াই ৰাখিব লাগিব৷ প্রতিখন ঠাইৰ লোকে নিজৰ অঞ্চলৰ আর্দ্রভূমিসমূহক লৈ সদায় সজাগ আৰু সচেতন হৈ থকা উচিত৷ পৰিৱেশ দিৱসত কেৱল গছপুলি ৰোপণ কৰিলেই পৰিৱেশ সুৰক্ষিত হৈ নাথাকে, গছপুলি ৰোপণ কৰাৰ সমান্তৰালকৈ আর্দ্রভূমিসমূহকো জীয়াই ৰাখিব লাগিব৷

You might also like