বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ নৱেম্বৰ : শুনিবলৈ আচৰিত যেন লাগিলেও সঁচা। গ্ৰন্থমেলাৰ পৰা এটকাও নিদিয়াকৈ লৈ যাব পাৰিব এখন গ্ৰন্থ। যিকোনো মূল্যৰ বা যিকোনো আকাৰৰ এখন গ্ৰন্থ বিনামূলীয়াকৈ লৈ যাব পাৰিব। ছাত্র-ছাত্রী বা পঢুৱৈ- সকলোৱে গ্ৰন্থমেলাখনৰ পৰা বিনামূল্যে গ্ৰন্থ লৈ যাব পাৰিব।
অসমত প্রথমবাৰৰ বাবে এই বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত হ’ব লখিমপুৰৰ আজাদত অহা ৭ ডিচেম্বৰত। এনে অবিশ্বাস্য কথাটোকে বাস্তৱ ৰূপ দিয়াৰ দিশে মৰসাহ কৰি আগবাঢ়িছে কেইগৰাকীমান যুৱক-যুৱতী। পথৰ পুথিভঁৰাল নামৰ এটা অনুষ্ঠানৰ জৰিয়তে যোৱা প্ৰায় পাঁচ বছৰে ৰাজ্যৰ ভিন্ন স্থানত গ্ৰন্থৰ সৌৰভ বিলাই অহা এইসকল যুৱক-যুৱতীয়ে এইবাৰ মৰসাহ কৰিছে বিনামূলীয়াকৈ এখন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ। দহ হাজাৰৰো অধিক গ্ৰন্থৰে গ্ৰন্থ বিপণী মেটমৰাকৈ সজাই ৰাখি প্ৰতিজন পঢুৱৈক এখনকৈ আৰু প্ৰতিগৰাকী ছাত্র-ছাত্রীক দুখনকৈ গ্ৰন্থ বিনামূলীয়াকৈ দিয়াৰ প্ৰস্তুতি চলাইছে। গ্ৰন্থমেলাখন উছৰ্গা কৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত। আজাদৰ নৱজ্যোতি ৰংগমঞ্চৰ চৌহদত অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব জুবিন গাৰ্গ সোঁৱৰণী বিনামূলীয়া গ্ৰন্থমেলাখন।
এই সন্দৰ্ভত মেলাখনৰ অন্যতম উদ্যোক্তা জীৱন্ত শইকীয়াই কয়- আমি জুবিন গাৰ্গৰ সোঁৱৰণত এই বিনামূলীয়া গ্ৰন্থমেলাখনৰ আয়োজন কৰিছোঁ। গুৱাহাটীৰ পৰা লখিমপুৰলৈ বিভিন্ন স্থানত আমাৰ যুৱক-যুৱতীয়ে বাহৰ পাতি গ্ৰন্থ সংগ্রহ কৰি আছে। আমি দহ হাজাৰ গ্ৰন্থ উপলব্ধ কৰাম বুলি লক্ষ্য লৈছিলোঁ যদিও ইয়াৰ সংখ্যা আৰু বৃদ্ধি হ’ব। আমি লক্ষ্য কৰিছোঁ যে ছাত্র-ছাত্রীসকলে মন থাকিলেও বহু সময়ত গ্ৰন্থমেলালৈ গৈ নিজৰ পছন্দৰ গ্ৰন্থ এখন কিনি আনিব নোৱাৰে। একেদৰে বহু পঢুৱৈৰো একেই সমস্যা। সেয়ে আমি অসমত প্ৰথমবাৰৰ বাবে এনে অভিনৱ পন্থা বাছি ল’লোঁ। প্ৰাণৰ শিল্পীগৰাকীৰ নামত উছৰ্গা কৰি আমি বিনামূলীয়াকৈ গ্ৰন্থমেলাখনৰ পৰা হেজাৰ হেজাৰ কিতাপ বিনামূলীয়াকৈ প্ৰদান কৰিম। ইতিমধ্যে বহু হাজাৰ গ্ৰন্থ সংগ্রহ কৰা হৈছে। বহু শুভাকাংক্ষীয়ে আমাক ন-পুৰণি গ্ৰন্থ প্ৰদান কৰাৰ উপৰি বিভিন্ন ধৰণে সহযোগ কৰিছে। আমাক উৎসাহিত কৰিছে।
গ্ৰন্থমেলাৰ দিনা ছাত্র-ছাত্রীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বক্তৃতা অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। এনে অনুষ্ঠানসমূহত ৰাজ্যৰ সাহিত্য, সংবাদ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিক অংশগ্রহণ কৰা বাবে তেওঁলোকে নিমন্ত্রণ জনাব। লগতে জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা গাৰ্গৰ লগতো তেওঁলোকে যোগাযোগ কৰিছে। তেওঁলোকৰ আশা- গৰিমা গাৰ্গৰ হাতেৰেই জুবিন গাৰ্গৰ স্মৃতিত আয়োজন কৰা এই গ্ৰন্থমেলাখন উদ্বোধন কৰিব। জুবিন গাৰ্গৰ স্মৃতিত প্ৰতিবছৰে এনেদৰে বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সংকল্প লৈছে এইসকল যুৱক-যুৱতীয়ে।