নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই : মুখ্যমন্ত্ৰী

দিছপুৰত ৰাজনৈতিক তাপমান বৃদ্ধি

আজি গহপুৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে “বিজেপি নাথাকিলে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিঞাই লৈ ল’ব।”

তেওঁ লগতে তিনিজন গগৈৰ নাম উলিয়াই কৈছে— “৩ গগৈ হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক।” লগতে তেওঁ কয়— “বিজেপিক অভিশাপ দিয়াসকল নিজেই অনুতপ্ত হ’ব।”

এই কথাই ইতিমধ্যে ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে। বিভিন্ন দলৰ নেতাসকলে এই মন্তব্যক “সাম্প্ৰদায়িক” বুলি সমালোচনা কৰিছে।

উল্লেখ্য যে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এনে বিবৃতিয়ে অসমৰ ৰাজনীতি আৰু সাম্প্ৰদায়িক সমীকৰণ দুয়োটাতেই গভীৰ প্ৰভাৱ পেলাব পাৰে।

মন কৰিবলগীয়া যে কালি দিছপুৰত বিৰোধী ঐক্য গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম আদিকে ধৰি কেইবাটাও দলৰ নেতৃত্ব উপস্থিত আছিল।

ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ

You might also like