ছৌদি আৰবত শোকাৱহ দুৰ্ঘটনাত ৪২ ভাৰতীয় উমৰাহ যাত্রীৰ শোকাৱহ মৃত্যু
নিউজ ডেস্ক, ১৭ নৱেম্বৰ : ছৌদি আৰবত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪২ ভাৰতীয়ই। দেওবাৰে গভীৰ নিশা উমৰাহ যাত্ৰীৰে ভৰি থকা এখন বাছ মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয়। উমৰাহ যাত্ৰী থকা বাছখনৰ এখন ডিজেল টেংকাৰৰে সংঘৰ্ষ হোৱাত ৪২জন ভাৰতীয়ৰ মৃত্যু হয়। সংঘৰ্ষৰ পিছতেই বাছখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে, ফলত অধিকাংশ যাত্ৰী বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
উল্লেখ্য যে তেলেংগানাৰ বিষয়াই শ্বেয়াৰ কৰা প্ৰাথমিক তথ্য অনুসৰি, মৃতসকলৰ ভিতৰত প্ৰায় ১৬জন হায়দৰাবাদৰ মালেপল্লীৰ বজাৰঘাট অঞ্চলৰ বাসিন্দা আছিল। এই যাত্ৰীসকলে ৯ নৱেম্বৰত উমৰাহ যাত্ৰাৰ বাবে চহৰ এৰি গৈছিল। মক্কাত প্ৰাৰ্থনা সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোক মদিনালৈ অহাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়।
ছৌদি আৰবত সংঘটিত এই শোকাৱহ বাছ দুৰ্ঘটনা সন্দৰ্ভত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে টুইট কৰি কয়- মদিনাত ভাৰতীয় নাগৰিকসকলৰ সৈতে হোৱা দুৰ্ঘটনাত মই অত্যন্ত দুখী। ৰিয়াধত থকা ভাৰতীয় দূতাৱাস আৰু জেদ্দাত থকা দূতাৱাসে এই দুৰ্ঘটনাত প্ৰভাৱিত ভাৰতীয় আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় প্ৰদান কৰি আছে। মৃতকৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সহানুভূতি আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।
আনহাতে, ছৌদি আৰবৰ মদিনাৰ ওচৰত ভাৰতীয় উমৰাহ যাত্ৰীৰ বাছ দুৰ্ঘটনাৰ শোকাৱহ ঘটনাৰ পৰিপ্ৰেক্ষিতত জেদ্দাত অৱস্থিত ভাৰতীয় দূতাৱাসে ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। শোকাৱহ দুৰ্ঘটনাক লৈ টল-ফ্ৰী নম্বৰ ৮০০২৪৪০০০৩ত যোগাযোগ কৰি দুৰ্ঘটনা সম্পৰ্কীয় তথ্য লাভৰ ব্যৱস্থা কৰা হৈছে।