ডিজিটেল ডেস্ক, ১৭ নৱেম্বৰ : ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । দ্ৰুতগতিত গৈ থকা গুৱাহাটী অভিমুখী বিলাসী বাহন এখনে স্কুটী আৰোহীক জোৰেৰে খুন্দিয়াই পলাই যায়। দুৰ্ঘটনাটোত ৰঙিয়াৰ বনগাঁৱৰ ছাত্ৰী মৌচুমী ৰহমান থিতাতে নিহত হয় । ছাত্ৰীগৰাকীৰ পিতৃ মুকুটৰ ৰহমান গুৰুতৰভাৱে আহত হৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।
দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS-01 BE-4546 । স্কুটীখন বনগাঁৱৰ পৰা ৰঙিয়া ৰে’ল ষ্টেচনলৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো ঘটে । বালাগাঁৱত ডিভাইডাৰ পাৰ হোৱাৰ মুহূৰ্ততে অচিনাক্ত দ্ৰুতগামী বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰি স্কুটীখন প্ৰায় ১০০ ফুট দূৰলৈ মহটিয়াই নিয়ে। ফলত ছাত্ৰী মৌচুমী ৰহমানে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে । স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত মুকুটৰ ৰহমানক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় ।
দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছতে ৰঙিয়া যান-বাহন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অচিনাক্ত বাহন আৰু চালকক চিনাক্ত কৰিবলৈ অভিযান অব্যাহত আছে । ঘটনাটোৱে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰঙিয়াত গভীৰ শোকৰ ছাঁ পেলাইছে ।