চানডুবি বিলৰ সেউজ উপত্যকাত চানডুবি উৎসৱ-২০২৬ৰ লাইখুঁটা স্থাপন
অসমৰ উল্লেখযোগ্য বিল তথা পৰ্যটন ক্ষেত্ৰ সমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম ৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিপদত্ত বিলখনৰ সেউজীয়া উপত্যকাত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাৰেৰহণীয়া কাৰ্যসূচীৰে ষষ্ঠদশ বাৰ্ষিক চানডুবি উৎসৱ উদযাপনৰ দিহা কৰা হৈছে৷
২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা উক্ত উৎসৱৰ আজি আনুষ্ঠানিকভাবে লাইখুঁটা স্থাপন কৰা হয়৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি,ৰাভা মহিলা পৰিষদকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মী তথা অঞ্চলস্থ বিশিষ্ট লোক সকলৰ উপস্থিতিত উৎসৱ উদযাপন সমিতিৰ সম্পাদক সত্যজিত ৰাভাই আঁতধৰা অনুষ্ঠানটিত নৃগোষ্ঠীয় লোক পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই ৷
আনহাতে,বিজেপিৰ যুৱনেতা বৈশ্যই নিজ বক্তব্যত চানডুবি উৎসৱৰ প্ৰথম কাৰ্যসূচীৰ মাংগলিক তথা মহান অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে আনন্দিত হোৱা বুলি ব্যক্ত কৰে৷ তদুপৰি অনাগত দিনত উক্ত উৎসৱক আৰু অধিক উন্নত পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও দোহাৰে তেওঁ ৷
ইফালে উক্ত উৎসৱত তেওঁ ব্যক্তিগত ফালৰ পৰা আৰ্থিক সহযোগিতা কৰিব বুলিও উল্লেখ কৰে যুৱনেতা বৈশ্যই৷ উল্লেখ্য যে প্ৰকৃতিপ্ৰদত্ত মনোৰম বিলখনৰ অপূৰ্ব নান্দনিকতাৰ মাজত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত পৰম্পৰাগত নৃগোষ্ঠীয় থলুৱা লোকাচাৰ,প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ণিল লোককৃষ্টিৰ সমাহাৰেৰে উৎসৱটি উদযাপন কৰা হ’ব ৷
উৎসৱৰ আয়োজক সকলে জানিবলৈ দিয়া মতে উক্ত বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে থলগিৰীৰ স্বকীয় স্বাভিমান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত গণ সচেতনতা বৃদ্ধি আৰু ইয়াৰ দ্বাৰা উল্লেখনীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ৷
ইফালে উৎসৱৰ লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটিত উৎসৱ উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাৰ উপৰি কেন্দ্ৰীয় আৰছু নেতা দেৱজিত নাফা, বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনাল, শিলপোটা পৰিষদীয় সমষ্টিৰ পাৰিষদ কমলেশ্বৰ ৰাভা,মহিলা পৰিষদৰ ভাৰতী ৰাভাকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মী সকল উপস্থিত আছিল ৷ তদুপৰি লাইখুঁটা স্থাপনৰ অনুষ্ঠানত ৰাভা লোককৃষ্টি বগেজাৰী নৃত্যৰ প্ৰদৰ্শনেৰে উপভোগ্য হৈ উঠে মাংগলিক অনুষ্ঠানটি ৷
নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১৮ নৱেম্বৰ