সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা (AI)ৰ ভৱিষ্যৎ
কৃত্রিম বুদ্ধিমত্তা (AI)ৰ বিষয়ে সাধাৰণ লোকৰ মাজত আগ্রহৰ পৰিমাণ বৃদ্ধি পাই আহিছে আৰু একে সময়তে কিছুমান মানুহে বাঢ়ি অহা প্রভাৱৰ সমান্তৰালকৈ ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে৷
এই বিৰোধিতাৰ ভালেমান কাৰণ আছে, যিবোৰৰ মাজৰ কিছুমান কাৰণ একেবাৰে স্পষ্ট আৰু সেইবোৰ গভীৰ সামাজিক–মানসিক ভয়ৰ লগত জডিত৷ এইক্ষেত্রত সকলোতকৈ বেছি উচ্চাৰিত আশংকা হৈছে চাকৰিৰ অনিশ্চয়তা৷ কৃত্রিম বুদ্ধিমত্তা (AI)ই দ্রুতগতিত বহু কাম স্বয়ংক্রিয়ভাৱে সম্পাদন কৰিব পাৰে বাবে বহুলোকে ভাবিছে যে যন্ত্রৰ ব্যৱহাৰে যিকোনো মুহূর্ততে তেওঁলোকক কর্মচ্যুত কৰিব পাৰে৷
লগতে গোপনীয়তাৰ সমস্যাও এক জটিল সমস্যা হিচাপে, উদ্বেগজনক অৱস্থা হিচাপে থিয় দিছে৷ কৃত্রিম বুদ্ধিমত্তাই বৃহৎ পৰিমাণৰ ব্যক্তিগত ডাটাত ব্যৱহাৰ কৰে আৰু সেই ডাটাবোৰ কেনেকৈ সংগ্রহ, ব্যৱহাৰ বা সংৰক্ষণ কৰা হয়, সেই বিষয়ে জনসাধাৰণৰ মাজত স্পষ্টতা কম৷ শিল্পী, লেখক, সংগীতকাৰ আদিৰ দৰে সৃজনীশীল ক্ষেত্রৰ লোকসকলেও কৃত্রিম বুদ্ধিমত্তাৰ বিৰোধিতা কৰাৰ কাৰণ আৰু যুক্তি হ’ল যে ‘AI’–এ মানুহৰ সৃজনীশীল পৰিশ্রমক লঘু কৰে আৰু অনুমতি নোলোৱাকৈ প্রতিষ্ঠিত সৃষ্টিকর্মৰ পৰা শিকি লয়৷
এই কামটো শিল্পীসকলে সাংস্কৃতিক সম্পত্তিৰ অধিকাৰ লংঘন হিচাপে ধৰি লয়৷ ইমানেই নহয়, কৃত্রিম বুদ্ধিমত্তা (AI) এদিন হঠাতে অত্যধিক ক্ষমতাশালী হৈ উঠিব পাৰে আৰু মানুহে ইয়াৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাব পাৰে বুলি কিছুমানে এক দার্শনিক ভয়ো অনুভৱ কৰে৷
আন এটা গুৰুত্বপূর্ণ কথা হ’ল– ‘AI’ৰ শক্তি আৰু লাভৰ অংশ সীমিতসংখ্যক বৃহৎ কোম্পানীৰ হাতত কেন্দ্রীভূত হৈ পৰিছে, যাৰ ফলত অর্থনৈতিক–সামাজিক অসমতা বেছি প্রগাঢ় হোৱাৰ আশংকা জন্মাইছে৷ এইবোৰ দিশৰ পৰা ‘AI’ৰ বিৰোধিতা অকল বিৰোধিতাই নহয়, ই ন্যায়, স্বচ্ছতা, গোপনীয়তা, চাকৰি, সৃষ্টিশীল অধিকাৰ আৰু সমাজৰ ভৱিষ্যতৰ গঠন সম্পর্কে গভীৰ চিন্তাৰ প্রতিফলন৷
ভাৰতত ‘এআই’ৰ বৃদ্ধি বর্তমান দ্রুতগতিত বৃদ্ধি পাইছে৷ ২০২৪ চনত ভাৰতীয় ‘এআই’ বজাৰৰ আকৃতি প্রায় ১২ হাজাৰ কোটি টকাৰ বুলি ধাৰণা কৰা হৈছে৷ এই পৰিমাণ ২০৩০ চনলৈ প্রায় ১,১০,১২৫ কোটি টকালৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে৷
দেশখনত ‘এআই’ৰ দক্ষকর্মীৰ সংখ্যা ৪,২০,০০০ৰো অধিক হ’ব বুলি আশা কৰা হৈছে৷ দক্ষকর্মীৰ অংশগ্রহণে হ’ব এই বিকাশৰ মুখ্য শক্তি৷ চৰকাৰে ‘ইণ্ডিয়ান এআই মিছন’ৰ জৰিয়তে পৰিকাঠামো নির্মাণ, উদ্ভাৱন, গৱেষণা আৰু দক্ষতা বিকাশৰ ক্ষেত্রখন অধিক শক্তিশালী কৰাৰ পদক্ষেপ লৈছে৷
বর্তমান উৎপাদন, স্বাস্থ্য, কৃষি, অর্থনীতি–বীমা, জনসেৱা, স্মার্ট চিটী আৰু শাসনব্যৱস্থাৰ বহু ক্ষেত্রত ‘এআই’ৰ ব্যৱহাৰ দ্রুতভাৱে বিস্তাৰ পাইছে৷ এটা কথা ঠিক যে এই বিকাশৰ মাজত অঞ্চলভেদে অসমতা, উচ্চ ক্ষমতাসম্পন্ন কম্পিডটিং সুবিধাৰ অভাৱ, বহুভাষিক তথ্যৰ নিম্নগুণমান আৰু নৈতিকতা–গোপনীয়তা সম্পর্কীয় উদ্বেগ আদিয়েও বিকাশ ভবামতে ক্ষিপ্র হ’বলৈ দিয়া নাই৷
ভাৰতৰ ‘এআই’ পৰিৱেশ সম্ভাৱনাৰে সমৃদ্ধ আৰু দ্রুতগতিতে আগবাঢ়িছে যদিও বিকাশ নিশ্চিত কৰিবলৈ এতিয়াও বহু পথ অতিক্রম কৰিব লাগিব৷ ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ এক গভীৰ পৰিৱর্তনশীল শক্তিৰূপে উদীয়মান হৈছে, য’ত অর্থনীতি, শিক্ষাৰ বিকাশ, জনসেৱা, কৃষি, স্বাস্থ্যসেৱা, সৃষ্টিশীল উদ্যোগ আৰু তথ্য–শাসনব্যৱস্থা সকলো খণ্ডত ‘এআই’ এক কেন্দ্রীয় চালিকাশক্তি হিচাপে আত্মপ্রকাশ কৰিব বুলি আশা কৰিব পৰা যায়৷
ভাৰতৰ বহুভাষিক সমাজ–সাংস্কৃতিক পৰিৱেশে ‘এআই’ৰ বাবে এক অনন্য দিশ উন্মুক্ত কৰিছে, য’ত অসমীয়া, বাংলা, তামিল, তেলুগু, গুজৰাটী, মাৰাঠী, হিন্দী আদি ২০টাতকৈও বেছি ভাষাত উন্নত ‘AI’ মডেল বিকাশ কৰাটো দেশখনৰ প্রযুক্তিগত আৰু অর্থনৈতিক প্রাধান্যক উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব৷
এই ধৰণৰ স্থানীয়–ভাষাভিত্তিক ‘AI’ আহিলাই শিক্ষা, গ্রাম্য উন্নয়ন, কৃষি পৰামর্শ, স্থানীয় মিডিয়া আৰু সাংস্কৃতিক উৎপাদন বৃদ্ধিৰ ক্ষেত্রত আমূল পৰিৱর্তন আনিব পাৰে৷ সৃষ্টিশীল উদ্যোগ– যেনে–চিনেমা, নাটক, সাহিত্য, সংগীত, দৃশ্য–শিল্প, অনুবাদ, সম্পাদনা আৰু ডিজিটেল কণ্টেণ্ট উৎপাদন ‘এআই’ৰ সহযোগত অধিক উৎপাদনমুখী, দ্রুতগতি আৰু সম্ভাৱনাময় হ’ব৷
এইটোও ঠিক যে ‘এআই’ৰ বিকাশৰ সময়তো মানৱীয় কল্পনাশক্তি আৰু নৈতিক বিবেচনাৰ দিশটো পূর্বৰ দৰেই মানৱনির্ভৰ হৈয়েই থাকিব৷ সামগ্রিকভাৱে দেখা যায় যে উদ্ভাৱন, নৈতিকতা আৰু ভাষাগত বৈচিত্র্যক সমানভাৱে আগবঢ়াই লৈ যোৱাৰ সক্ষমতাই ভাৰতক ভৱিষ্যৎ ‘এআই’ যুগৰ অন্যতম নেতৃত্বস্থানীয় শক্তিৰূপে প্রতিষ্ঠা দিবলৈ সক্ষম হ’ব৷