নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত জুবিন গাৰ্গৰ স্মৃতিত দুকঠা আবণ্টন প্ৰশাসনৰ, স্থাপন হ’ব স্মৃতিস্তম্ভ-প্ৰতিমূৰ্তি

এই সিদ্ধান্তৰ ফলত তেজপুৰবাসী আৰু জুবিন অনুৰাগীৰ মাজত দেখা গৈছে গভীৰ আৱেগ আৰু কৃতজ্ঞতাৰ সোঁত

তেজপুৰ চহৰত সংগীতসূৰ্য জুবিন গাৰ্গৰ স্মৃতিৰক্ষাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসনে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পদুম পুখুৰীৰ সন্মুখৰ বৰপুখুৰীৰ পাৰত জুবিন গাৰ্গৰ নামত দুকঠা মাটি প্ৰদান কৰে জিলা প্ৰশাসনে।

এই স্থানতেই নিৰ্মাণ হ’ব জুবিন গাৰ্গৰ স্মৃতি স্তম্ভ, লগতে পৰৱৰ্তী সময়ত তেওঁৰ মূৰ্তিও স্থাপন কৰাৰ কথা জনোৱা হৈছে।

মাটি নিৰ্বাচনৰ কাৰ্যত উপস্থিত থাকে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস। প্রশাসনে স্থান নিৰ্ধাৰিত হোৱাৰ পিছতেই কাম আৰম্ভ কৰিবলৈ পদক্ষেপ লয়।

এই সিদ্ধান্তৰ ফলত তেজপুৰবাসী আৰু জুবিন অনুৰাগীৰ মাজত দেখা গৈছে গভীৰ আৱেগ আৰু কৃতজ্ঞতাৰ সোঁত।

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ

You might also like