নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ক্ষুদ্রতম দেশ হিচাপে ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কুৰাকাওৰ

নিউজ ডেস্ক, ২০ নৱেম্বৰ : জনসংখ্যা মাত্র ১ লাখ ৫০ হাজাৰ৷ মুঠ মাটিকালি ৪৪৪ বর্গ কিলোমিটাৰ৷ অর্থাৎ বৃহত্তৰ কলকাতাতকৈ কেইবাগুণ সৰু৷ উত্তৰ আমেৰিকাৰ কুৰাকাও–এ ক্ষুদ্রতম দেশ হিচাপে ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে৷ কেৱল এয়াই নহয়, কুৰাকাও এনে এখন দেশ, য’ত ইয়াৰ কোনো খেলুৱৈৰ জন্ম সেই দেশত হোৱা নাছিল৷ অর্থাৎ সকলো খেলুৱৈ বিদেশী মূলৰ৷ ফুটবল বিশ্বকাপতো সেয়া এক নতুন পৰিঘটনা৷

মঙলবাৰে নিশা জামাইকাৰ সৈতে গ’লশূন্যভাৱে ড্র খেলি কুৰাকাও–এ বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে৷ কণ্টিনেণ্টেল কোৱালিফায়িং ৰাউণ্ডত অপৰাজিত হৈ ফিফাৰ সন্মানীয় প্রতিযোগিতাখনত প্রৱেশ কৰিছে কুৰাকাও–এ৷ প্রশিক্ষক অবিহনে ইতিহাস ৰচনা কৰে উত্তৰ আমেৰিকাৰ ক্ষুদ্রতম দেশখনে৷ পাৰিবাৰিক কাৰণত ঘৰলৈ উভতি অহাৰ বাবে দলটোৱে প্রশিক্ষক অবিহনে গুৰুত্বপূর্ণ মেচখনত অংশগ্রহণ কৰিছিল কুৰাকাও–এ৷

দেশখনৰ ইতিহাস অনুসৰি যোৱা জানুৱাৰী মাহলৈকে কুৰাকাৱৰ জনসংখ্যা আছিল ১,৫৬,১১৫জন৷ ইয়াৰ পূর্বে আইচলেণ্ডে বিশ্বকাপত খেলা আটাইতকৈ ক্ষুদ্রতম দেশৰ অভিলেখ গঢ়িছিল৷ ৩,৫০,০০০ জনসংখ্যাৰ দেশখনে ২০১৮ চনত বিশ্বকাপ খেলিছিল৷ সেই অভিলেখ অতিক্রম কৰিছে কুৰাকাও–এ৷

You might also like