নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

RCI-ৰ সমীক্ষা, পৃথিৱীৰ শীৰ্ষত লণ্ডন, ভাৰতৰ উৎকৃষ্ট চহৰৰ উচ্চ স্থানত বেংগালুৰু 

ভাৰতৰ চাৰিখন মুখ্য চহৰে এই তালিকাত স্থান পাইছে। সৰ্বাধিক উন্নত স্থান লাভ কৰিছে বেংগালুৰুৱে— ২৯তম স্থান। মুম্বাই ৪০তম আৰু দিল্লী ৫৪তম স্থানত

পৃথিৱীৰ আটাইতকৈ উৎকৃষ্ট চহৰসমূহৰ নতুন বৈশ্বিক শ্ৰেণীবিভাগ প্ৰকাশিত হৈছে আৰু এইবাৰো লণ্ডনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৰেজোনেন্স কনছালটেঞ্চী আৰু ইপ্স’ছৰ (Resonance Consultancy and Ipsos) দ্বাৰা প্রস্তুত কৰা এই তালিকাখনত চহৰসমূহক বাসযোগ্যতা, কৰ্মসংস্থানৰ সুবিধা আৰু ভ্রমণযোগ্যতাৰ ভিত্তিত মূল্যায়ন কৰা হৈছে। উল্লেখ্য যে ১১ বছৰ ধৰি লণ্ডনে ১ নম্বৰ স্থান দখল কৰি আছে। লণ্ডন সংস্কৃতি, অৰ্থনীতি আৰু জীৱনমানৰ ক্ষেত্ৰত এতিয়াও পৃথিৱীৰ আটাইতকৈ প্ৰিয় গন্তব্যস্থান।

এই বছৰৰো শীৰ্ষস্থানত ৰাজধানী চহৰসমূহে নিজৰ আধিপত্য বজাই ৰাখিছে। শীৰ্ষ ১০ চহৰ হৈছে ক্ৰমে লণ্ডন, নিউয়ৰ্ক, পেৰিছ, টকিঅ’, মাড্ৰিদ, ছিংগাপুৰ, ৰোম, ডুবাই, বাৰ্লিন, বাৰ্ছিলোনা।

চহৰসমূহৰ মূল্যায়নৰ তিনিটা মুখ্য ভিত্তি আছিল— স্থিৰ অৰ্থনীতি, নগৰীয় সুবিধা, সংস্কৃতি, কৰ্মসংস্থান আৰু ভিত্তিমূলক আন্তঃগাঁথনি।

মন কৰিবলগীয়া যে এইবাৰো ইউৰোপে তালিকাত উৎকৃষ্টতা প্ৰতিপন্ন কৰিছে। লণ্ডন, পেৰিছ, মাড্ৰিদ, ৰোম, বাৰ্লিন আৰু বাৰ্ছিলোনাৰ দৰে চহৰসমূহ ইউৰোপৰ উন্নত অৰ্থনীতি, ঐতিহাসিক সম্পদ আৰু উচ্চ জীবনমানৰ প্ৰতিফলন। এই চহৰসমূহত স্থিৰতা, পৰ্যটন, শিক্ষা আৰু আধুনিক সুবিধা শীৰ্ষস্থান লাভৰ মূল কাৰক।

এছিয়াৰ মাত্ৰ দুখন চহৰে শীৰ্ষ ১০ত স্থান পাবলৈ সক্ষম হৈছে— টকিঅ’ চতুৰ্থ স্থানত আৰু ছিংগাপুৰ ষষ্ঠ স্থানত। প্ৰযুক্তি, পৰিচ্ছন্নতা, সুৰক্ষা আৰু উন্নত নগৰ ব্যৱস্থাপনাৰ বাবে এই দুখন চহৰ বিশ্বজুৰি খ্যাত। টকিঅ’ৰ উচ্চ-প্ৰযুক্তিৰ অৱকাঠামো আৰু ছিংগাপুৰৰ স্মাৰ্ট চিটী পৰিকল্পনাই তেওঁলোকক গ্লোবেল স্তৰত অত্যন্ত শক্তিশালী কৰি তুলিছে।

ইফালে ভাৰতৰ চাৰিখন মুখ্য চহৰে এই তালিকাত স্থান পাইছে। সৰ্বাধিক উন্নত স্থান লাভ কৰিছে বেংগালুৰুৱে— ২৯তম স্থান। মুম্বাই ৪০তম আৰু দিল্লী ৫৪তম স্থানত।

বেংগালুৰুক ভাৰতৰ “ছিলিকন ভেলী” বুলি জনা যায়। দ্রুত বাঢ়ি অহা ষ্টাৰ্টআপ পৰিৱেশ, বিশ্বব্যাপী টেক কোম্পানীৰ উপস্থিতি, অধিক কৰ্মসংস্থানৰ সুযোগ আৰু উন্নত বাসযোগ্যতাৰ বাবে এই চহৰে উচ্চ স্থান দখল কৰিছে। মুম্বাই অৰ্থনৈতিক গতি-প্ৰকৃতি আৰু বিশ্বব্যাপী সংযোগৰ বাবে ৪০তম স্থানত আছে, দিল্লীয়ে সংস্কৃতি, ইতিহাস আৰু বৃহৎ বজাৰৰ বাবে টপ-৬০ত স্থান লাভ কৰিছে।

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ

You might also like