নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহিৰ শুভমন গিল, ঋষভ পণ্ট-ৰ কান্ধত গুৱাহাটী টেষ্টৰ অধিনায়কৰ দায়িত্ব

বিচিচিআইয়ে বিবৃতি প্ৰকাশ কৰি বিষয়টো নিশ্চিত কৰিছে। গিলৰ অনুপস্থিতিত ঋষভ পণ্ট দ্বিতীয় টেষ্টত দলৰ অধিনায়ক হ’ব

শুভমন গিল আনুষ্ঠানিকভাৱে ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হৈছে। কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টৰ দ্বিতীয় দিনাই অধিনায়কগৰাকীৰ ডিঙিত আঘাত লাগি তেওঁ খেলপথাৰ এৰি ঘৰলৈ উভতি আহিবলগীয়া হৈছিল।

আঘাতৰ যন্ত্ৰণা বেছি হোৱাৰ বাবে তেওঁক তেতিয়াই হাস্পতাললৈ লৈ যোৱা হৈছিল। দ্বিতীয় ইনিংছতো গিল বেটিং কৰিবলৈ নামিব নোৱাৰিছিল। গুৱাহাটীলৈ দলৰ সৈতে উপস্থিত হলেও গিলে খেলিব নে নেখেলিব সেই সন্দেহ আগতে আছিল।

কিন্তু এতিয়া বিচিচিআইয়ে বিবৃতি প্ৰকাশ কৰি বিষয়টো নিশ্চিত কৰিছে। গিলৰ অনুপস্থিতিত ঋষভ পণ্ট দ্বিতীয় টেষ্টত দলৰ অধিনায়ক হ’ব।

বিচিচিআইয়ে প্ৰকাশিত বিবৃতিত উল্লেখ কৰিছে— “দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত ডিঙিত আঘাত পোৱা টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল গুৱাহাটীত অনুষ্ঠিত হবলগীয়া দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হৈছে।

কলকাতা টেষ্টৰ দ্বিতীয় দিনাই গিলৰ ডিঙিত আঘাত পায় আৰু তেওঁক পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়। তেওঁক পর্যবেক্ষণত ৰাখি পিছদিনাই ডিচচাৰ্জ কৰা হয়। গিল গুৱাহাটীলৈ আহে যদিও দ্বিতীয় টেষ্টৰ বাবে অধিনায়কৰ দায়িত্ব পালন কৰিব নোৱাৰিব। দুর্ভাগ্যবশতঃ তেওঁ দ্বিতীয় টেষ্ট খেলিবলৈ সম্পূৰ্ণভাৱে ফিট নহ’ল আৰু আঘাতৰ বেছি হোৱা বাবে মুম্বাইলৈ যাব। শুভমন গিলৰ অনুপস্থিতিত ঋষভ পণ্টে দ্বিতীয় টেষ্টত দলৰ অধিনায়কত্ব চম্ভালিব।

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ

You might also like