দিল্লীৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা ঘূৰি অহা লোকক শীঘ্ৰে স্থানীয় চিকিৎসালয়লৈ যাবলৈ আহ্বান ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি কোনো লোক যদি অসমলৈ উভতি আহিছে, তেন্তে তেওঁলোকক শীঘ্ৰে স্থানীয় চিকিৎসালয়লৈ যাবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই।
উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিন অঞ্চলত অৱস্থিত আলামী মৰকজ বাংলেৱালী মছজিদত মাৰ্চ মাহৰ মাজভাগত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অসমৰ ২১৬ জন লোকে অংশ লোৱা বুলি প্ৰকাশ পাইছে ।
এই লোকসকলৰ ভিতৰত যদি কোনোবা অসমলৈ ঘূৰি আহিছে, তেন্তে সেই তথ্য সংগ্ৰহৰ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনক। লগতে ঘূৰি অহা লোকক তাৎক্ষণিকভাৱে QUARANTINE কৰাৰ নিৰ্দেশ দি, লোকসকলৰ সংস্পৰ্শলৈ অহা লোকসকলকো কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।
এটি জৰুৰী অনুৰোধ
দিল্লীৰ হজৰত নিজামুদ্দিনৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানটোত অসমৰ পৰা কোনোৱে অংশগ্ৰহণ কৰিছিল তেন্তে তেনে ব্যক্তিয়ে সমীপৰ চৰকাৰী চিকিৎসালয়ক অবগত কৰে যেন ৷ তেওঁলোকে 104 নম্বৰত ফোন কৰিও কথাটো জনাব পাৰে ৷
অামাৰ এই আহ্বানটোক অতি গুৰুত্ব সহকাৰে লব বুলি আশা কৰিলোঁ ৷
— Himanta Biswa Sarma (@himantabiswa) March 31, 2020
ইফালে এই অনুষ্ঠানত অংশ লোৱা অসমৰ ১০০ জনৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ।