নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূৰ্ণৰূপে ছেনিটাইজেচন হোৱা নাই বৰঝাৰ বিমানবন্দৰত

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ ভাৰতবৰ্ষকে ধৰি সমগ্ৰ বিশ্বজুৰি মৰাত্মক ক’ৰোনা ভাইৰাছে আতংক সৃষ্টি কৰিছে যদিও বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ মিলনভূমি অসমত বৰ্তমানলৈ এজনো ক’ৰোনা আক্ৰান্ত ৰোগী ধৰা পৰা নাই। মৰাত্মৰক ক’ৰোনা ভাইৰাছক সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। যোৱা ২৪ মাৰ্চৰ পৰা গুৱাহাটী পৌৰ নিগমে অগ্নি নিৰ্বাপক সংগঠনৰ সহযোগত আৰম্ভ কৰিছে ছেনিটাইজেচনৰ কাম। যোৱা ২৯ মাৰ্চত মহানগৰীৰৰ লখৰা, লালগণেশ, কাহিলীপাৰা, বেলতলা, গড়চুক আদিৰ দোকান-পোহাৰ, বজাৰ, ৰাজপথ আদিত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজেচনৰ কাম সম্পন্ন কৰে। কিন্তু মহানগৰীৰ অন্তৰ্গত পশ্চিম প্ৰান্তত বহু গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ এলেকা থকাৰ পিছতো পৰ্যাপ্ত পৰিমাণে ছেনিটাইজেচন হোৱা নাই। মন কৰিবলগীয়া যে যোৱা ২৭ মাৰ্চত প্ৰশাসনে অগ্নি নিৰ্বাপক বাহনেৰে আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ধাৰাপুৰ চাৰিআলি, কাঁহিকুছি, গধূলি বজাৰ আদিত ছেনিটাইজেচন কৰে যদিও উত্তৰ পৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহটো বৰ্তমানলৈ সম্পূৰ্ণৰূপে ছেনিটাইজেচন কৰা নাই বুলি জানিব পৰা গৈছে। লকডাউনৰ প্ৰাকমুহূৰ্তত যথেষ্টসংখ্যক বিমানযাত্ৰী বহিঃৰাজ্যৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল । তেনে ক্ষেত্ৰত প্ৰশাসনে সমগ্ৰ বিমানবন্দৰ চৌহদটো সম্পূৰ্ণৰূপে ছেনিটাইজ কৰাৰ প্ৰয়োজন আছিল। তদুপৰি আজাৰা ৰাজহ চক্ৰ এলেকাত বায়ুসেনা, বি এছ এফ, প্ৰথম এন ডি আৰ এফ, চি আৰ পি এফৰো উচ্চ পৰ্যায়ৰ শিবিৰ আছে। নিৰাপত্তাৰ লগত জড়িত বিষয়া জোৱানসকলে সঘনাই বিভিন্ন ৰাজ্যলৈ অহা যোৱা কৰি থাকে। যাৰ বাবে সেনাবাহিনী তথা নিৰাপত্তা বাহিনীৰ শিবিৰ থকা অঞ্চলসমূহত ছেনিটাইজেচন কৰাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী। এইক্ষেত্ৰত অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক পশ্চিম প্ৰান্তৰ নাগৰিকসকলে দাবী জনাইছে।

You might also like