কোন দিশে নীতিশ কুমাৰ
শাৰীৰিক অসুস্থতাৰ অজুহাত লৈ বিৰোধীসকলে সমালোচনাৰ লক্ষ্য কৰি লৈছিল বিহাৰৰ প্রবীণ জে ডি ইউৰ নেতা নীতিশ কুমাৰক৷ কিন্তু বিহাৰৰ ভোটযুদ্ধত এইগৰাকী নেতাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ ফলত নীতিশকেই ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ আসন এৰি দিবলগীয়া হয়৷ দশমবাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণৰ সময়ত তেওঁৰ ওচৰত দেখা গ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক৷ এই কথাই প্রমাণ কৰিছে যে জোঁটবন্ধনত থকা বিজেপিৰো প্রথম পছন্দ তেওঁ৷ কিন্তু নীতিশ কুমাৰৰ পৰা প্রথমবাৰৰ বাবে গৃহমন্ত্রিত্ব কর্তন কৰাৰ পিছত দেশৰ ৰাজনৈতিক মহলত আন এক চর্চা আৰম্ভ হৈছে৷ তেওঁক ঢাল–তৰোৱালবিহীন নিধিৰাম চর্দাৰ বুলিও বহুতে ঠাট্টা–মস্কৰা কৰিছে৷ অভিলেখ ভংগ কৰি দহবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্রী হ’লেও মন্ত্রিত্ব বিতৰণৰ পিছতে নীতিশ কুমাৰক ‘নিধিৰাম চর্দাৰ’ৰূপে আখ্যা দিয়া হৈছে৷ কাৰণ, ২০ বছৰৰ পাছত তেওঁৰ হাতৰ পৰা বিজেপিয়ে কাঢ়ি নিছে গৃহ বিভাগ তথা আৰক্ষী বিভাগ৷ অথচ বিহাৰ আৰক্ষীক সাৰথি কৰিয়েই এদিন নিজৰ হেৰোৱা ভাবমূর্তি পুনৰুদ্ধাৰ কৰিছিল এইগৰাকী প্রবীণ আৰু বিচক্ষণ ৰাজনীতিকে৷ যাৰ বাবে তেওঁ এগৰাকী সুশাসক হিচাপেও দেশৰ ৰাজনীতিত পৰিচিত হৈছিল৷ কিন্তু এতিয়া নীতিশ কুমাৰৰ মন্ত্রীসভাত দুয়োগৰাকী উপ-মুখ্যমন্ত্রীয়েই বিজেপিৰ৷ এই দুই উপ–মুখ্যমন্ত্রীৰ ভিতৰত এগৰাকী হৈছে সম্রাট চৌধুৰী৷ তেওঁ সমতা পার্টীৰ অন্যতম প্রতিষ্ঠাতা নেতা শকুনি চৌধুৰীৰ পুত্র৷ সম্রাট চৌধুুৰীৰ হাততেই অর্পণ কৰা হৈছে গৃহ মন্ত্রালয়৷ মন্ত্রীসভা গঠনৰ পূর্বে তেওঁৰ নামেই মুখ্যমন্ত্রী হিচাপে চর্চালৈ আহিছিল৷ পৰৱর্তী কালত সম্রাট চৌধুৰীয়েই বিহাৰৰ সম্রাট তথা মুখ্যমন্ত্রী হ’ব বুলিও বহুতে ক’ব বিচাৰে৷
মুখ্যমন্ত্রীৰ হাতত গৃহ মন্ত্রালয় নথকা কথাটো চর্চাৰ বিষয় হৈ পৰিছে৷ এখন ৰাজ্যত যি দলৰে চৰকাৰ নাথাকক কিয়, সাধাৰণতে মুখ্যমন্ত্রীৰ হাততেই গৃহ বিভাগৰ দায়িত্ব থাকে৷ পশ্চিমবংগৰ মমতা বেনার্জী, উত্তৰ প্রদেশৰ আদিত্যনাথ, কেৰালাৰ পিনাৰাই বিজয়ন, তেলেংগানাৰ ৰেৱন্ত ৰেড্ডীৰ পৰা আৰম্ভ কৰি অসমৰ ড০ হিমন্ত বিশ্ব শর্মা এই সকলোৰে হাতত আছে গৃহ বিভাগ৷ অৱশ্যে বিৰোধীসকলে এই বিষয়টো নেতিবাচক হিচাপে গ্রহণ কৰিলেও নীতিশ শিবিৰৰ বক্তব্য সুকীয়া৷ তেওঁলোকৰ মতে, গৃহ বিভাগ যিদৰে বিজেপিৰ হাতলৈ গৈছে, সেইদৰে বিত্ত বিভাগ বিজেপিৰ হাতৰ পৰা জে ডি ইউ দলৰ হাতলৈ আহিছে৷ সেইবাবেই তেওঁলোকে নীতিশ কুমাৰক ‘নিধিৰাম’ বুলি কোৱাটো নিবিচাৰে৷ ইপিনে, আন এক গুৰুত্বপূর্ণ বিষয় হৈছে- ভূমি আৰু ৰাজহ, স্বাস্থ্য, খনিৰ দৰে দপ্তৰসমূহো বিজেপিৰ হাতলৈ গৈছে৷ গৃহ বিভাগটো বিজেপিৰ অন্য নেতাৰ ওপৰতো ন্যস্ত কৰিব পাৰিলিহেঁতেন৷ কিন্তু সেয়া পৰিলক্ষিত নহ’ল৷ বিহাৰ নির্বাচনত সক্রিয়ভাৱে অংশগ্রহণ কৰা একাংশ বিজেপি নেতাৰ মন্তব্য এই যে বর্তমান নীতিশ কুমাৰৰ শাৰীৰিক অৱস্থা বৰ সন্তোষজনক নহয়৷ এনে অৱস্থাত গৃহ বিভাগ তেওঁৰ হাতত থকাটো সমীচিন নহ’ব৷ বিত্ত বিভাগটো জে ডি ইউৰ হাতলৈ গ’লেও, সেই বিভাগটো নীতিশৰ নিজৰ হাতত নাই৷ এতিয়া তেওঁৰ মুখ্য বিষয় হৈ পৰিছে শাৰীৰিক অৱস্থা৷ এই বিষয়টো বিহাৰ নির্বাচনৰ সময়ত আলোচনালৈ আহিছিল৷ এই আলোচনাৰ সূত্রপাত হৈছিল নীতিশ কুমাৰক কেন্দ্র কৰিয়েই৷ কেইবাটাও ঘটনাই স্পষ্ট কৰি তুলিছিল যে তেওঁৰ স্মৃতিশক্তিয়ে ভালদৰে কাম কৰা নাই৷ বিশাল জনসভাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক মুখ্যমন্ত্রী বুলি অভিহিত কৰিছিল৷ উল্লেখ্য যে ২৪৩খন আসনৰ বিহাৰ বিধানসভাত ১০১খনকৈ আসনত যুঁজ দিছিল বিজেপি আৰু জে ডি ইউয়ে৷ বিজেপিয়ে ৮৯খন আৰু জে ডি ইউয়ে জয় কৰিছিল ৮৫খন আসন৷ ফলত ২৭জনীয়া মন্ত্রীসভাত বিজেপিৰ ১৪ আৰু জে ডি ইউৰ ৯জনে স্থান লাভ কৰিছিল৷ ২০২৪ চনত কংগ্রেছ আৰু আৰ জে ডিৰ পৰা আঁতৰি আহিছিল নীতিশ কুমাৰ৷ লোকসভা নির্বাচনৰ ৪ মাহ পূর্বে বিজেপিৰ সমর্থনত মুখ্যমন্ত্রী হৈছিল তেওঁ৷ সেই মন্ত্রীসভাতো নীতিশৰ দলতকৈ বিজেপিৰ সদস্য আছিল আধা৷ এইবাৰ দুয়োটা দলৰে সদস্যৰ সংখ্যা মন্ত্রীসভাত হ্রাস পাইছে৷ কাৰণ অন্য সৰু সৰু দলকো মন্ত্রীসভাত স্থান দিয়া হৈছে৷ এই মুহূর্তত এই কথা স্পষ্ট যে বিজেপিকো নীতিশ কুমাৰৰ প্রয়োজন আছে৷ সেইবাবে তেওঁক মুখ্যমন্ত্রী পদ এৰি দিয়া হৈছে৷ কিন্তু নীতিশৰ পিছত দলটোত উচ্চ পর্যায়ৰ নেতা নথকা বাবে পৰৱর্তী মুখ্যমন্ত্রী বিজেপিৰ পৰাই হোৱাটো একপ্রকাৰ নিশ্চিত৷