ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ : নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবর্ষ মহোৎসৱ উদযাপন কৰাৰ বাবে প্রস্তুতি চলাইছে৷ ইতিমধ্যে প্রাক্তন ছাত্র–ছাত্রী আৰু শুভাকাংক্ষীসকলক লৈ বিভিন্ন সমিতি গঠন কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷
এই উপলক্ষে অলপতে নলবাৰী চহৰত বাস কৰা বিদ্যালয়খনৰ প্রাক্তন ছাত্র–ছাত্রীসকলৰ এখন বিশেষ সভা অনুষ্ঠিত হয়৷ নলবাৰী ইউক্লিড একাডেমীত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে জগন্নাথ শর্মাই৷ উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা অধ্যক্ষ মকিবৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আৰম্ভণিতে কার্যকৰী সভাপতি ৰজত চন্দ্র কলিতাই উদযাপনৰ অগ্রগতিৰ চমু আভাস দাঙি ধৰে৷
সভাত বিশিষ্ট চিকিৎসক ডাঃ কামেশ্বৰ লহকৰক সভাপতি, ডাঃ কৈলাস ডেকাক কার্যকৰী সভাপতি, লক্ষ্মীনাৰায়ণ বর্মন আৰু হীৰেন ডেকাক উপ–সভাপতি, মুনীন্দ্র দাস আৰু নিকুঞ্জ মোহন গোস্বামীক সম্পাদক, শচীন্দ্র শর্মা, ভৱেশ চন্দ্র শর্মাক সহযোগী সম্পাদক হিচাপে লৈ আৰু জগন্নাথ শর্মা, ক্ষীতিশ মেধি, অনিল কুমাৰ ভট্টাচার্য, সুৰেন্দ্র কাকতি, ডাঃ বীৰেন তালুকদাৰ, থানু কলিতা, ড০ প্রবোধ শর্মা, মহিধৰ চক্রৱৰ্তী, ক্ষীতিশ মেধিক উপদেষ্টা হিচাপে লৈ নলবাৰী নগৰ সমিতিখন গঠন কৰা হয়৷ শেষত উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা অধ্যক্ষ মকিবৰ ৰহমানে সকলোৰে সহায়–সহযোগিতা আৰু দিহা–পৰামর্শ বিচাৰি শলাগৰ শৰাই আগবঢ়ায়৷