নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বছৰ অনূৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ টিংখাঙৰ অংগদ গগৈৰ

নিয়মীয়া বাৰ্তা, টিংখাং, ২৬ নৱেম্বৰ : দুভৰিৰ যাদুৰে জগত জিনিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ছাত্ৰ। নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলত ১৪ বছৰ অনূৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অংগদ গগৈয়ে। টিংখাং ৰাজগড়ৰ ৩নং ন-ভকতীয়া গাঁৱৰ সুনীল গগৈ আৰু জুলি গগৈৰ সন্তান অংগদ গগৈয়ে ১ ডিচেম্বৰৰ পৰা মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৬৯সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া প্ৰতিযোগিতাত অসম ফুটবল দলক প্ৰতিনিধিত্ব কৰিব।

ৰাজগড়ৰ নিউ ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অংগদৰ এই সাফল্যই সমগ্ৰ টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে। উদীয়মান ফুটবলাৰগৰাকীয়ে অসম ফুটবল দলত স্থান লাভ কৰাৰ খবৰে উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসীক। সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহ থকা অংগদ গগৈয়ে প্ৰশিক্ষক প্ৰহ্লাদ কোঁৱৰৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি স্থানীয় শ’লগুৰি-টিপমীয়া ফুটবল ক্লাবৰ হৈ এজন সুদক্ষ ষ্ট্ৰাইকাৰ হিচাপে অসমৰ বিভিন্ন ঠাইত ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে দুভৰিৰ যাদুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

বিশ্ব ফুটবলৰ জীৱন্ত কিম্বদন্তি ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক আদৰ্শ হিচাপে গ্ৰহণ কৰা অংগদে ভৱিষ্যতে ভাৰতীয় জাতীয় ফুটবল দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে। ছাত্ৰজনৰ এই সফলতাত ৰাজগড় উন্নয়ন মঞ্চৰ লগতে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে ।

You might also like