বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : অসম আৰক্ষীৰ কনিষ্টবল, কমাণ্ডো, ইউবি, এছআইৰ পৰীক্ষাত উত্তীর্ণসকলক তিনি ডিচেম্বৰত প্রদান কৰা হ’ব নিযুক্তি–পত্র ৷ এই কথা ফেচবুক লাইভযোগে ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দীর্ঘদিন ধৰি কনিষ্টবল নিযুক্তিক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্রী ড০ শর্মাই এই কথা ঘোষণা কৰাৰ লগতে মেট্রিক পৰীক্ষার্থীক দিব লগা ৩০০ টকা ২৮ নৱেম্বৰত মোকলাই দিব বুলিও ঘোষণা কৰে৷
উল্লেখ্য যে পূর্বে মুখ্যমন্ত্রীয়ে আগন্তুক মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’ব লগা ৪ লাখ ২৫ হাজাৰ পৰীক্ষার্থীক তিনি মাহৰ বাবে ৩০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল৷ যাতে পৰীক্ষার্থীসকলে এই সময়ছোৱাত উক্ত ধনেৰে আৱশ্যকীয় পুথি–বহী বা অন্যান্য সঁজুলি ক্রয় কৰিব পাৰে৷ তদুপৰি ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে অহা ১২ ডিচেম্বৰত বিটিচিত অৰুণোদয় আঁচনি মুকলি হ’ব বুলিও ঘোষণা কৰে৷
উল্লেখ্য যে বিটিচিত অৰুণোদয় আঁচনি মুকলি কৰা হোৱা নাছিল৷ সদ্যসমাপ্ত বিটিচি নির্বাচনৰ প্রচাৰৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই অৰুণোদয় আঁচনি অতি সোনকালে বিটিচিত আৰম্ভ কৰাৰ প্রতিশ্রুতি দিছিল৷ এই প্রতিশ্রুতি অনুসৰিয়েই ১২ ডিচেম্বৰত কোকৰাঝাৰত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি বিটিচিৰ বাবে মুকলি কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷