ভাৰত-বাংলা সীমান্তৰে চাৰি বাংলাদেশী যুৱতীক পুছবেক
মাথোঁ ডেৰ লাখ টকাত যুৱতী কেইগৰাকীক সীমান্ত পাৰাপাৰ কৰোৱাৰ সন্দেহ কৰা হৈছে
ৰাজ্যৰ ভাৰত-বাংলাদেশ সীমান্তইদি বিভিন্ন ধৰণৰ চোৰাং বেহাৰ সমান্তৰালকৈ শেহতীয়াকৈ মানৱ সৰবৰাহো অব্যাহত থকাৰ সন্দেহ উত্থাপিত হৈছিল। তাকেই প্ৰতিষ্ঠিত কৰি ভাৰত-বাংলাদেশ সীমান্তইদি দালালৰ সহযোগত অসমত উপস্থিত হোৱাৰ পিছত ট্ৰেইনযোগে বঙাইগাঁওত উপস্থিত হোৱা চাৰিগৰাকী কৈ বাংলাদেশী যুৱতী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে, ধৃত সেই চাৰিগৰাকী ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ পুশ্ব বেক কৰা বুলি প্ৰকাশ। নিশ্চিত নহয় যদিও মাথোঁ ডেৰ লাখ টকাত যুৱতী কেইগৰাকীক সীমান্ত পাৰাপাৰ কৰোৱাৰ সন্দেহ কৰা হৈছে।
ধৃত বাংলাদেশী যুৱতী কেইগৰাকী বাংলাদেশৰ মাদাৰীপুৰ জিলাৰ শৰিয়তপুৰ গাঁৱৰ ছুমাইয়া আখতাৰ তাসমিয়া, পাবনা জিলাৰ মালিগাচাৰ গাঁৱৰ সুহানা খাতুন আখি, গাজিপুৰ জিলাৰ বালিগাঁৱৰ আবিদা চৌধুৰী মিস্টি আবিদা আৰু নেত্ৰকনা জিলাৰ বাইপাৰা ৰানিখং গাঁৱৰ মিষ্টি শিৰিনা আখতাৰ ফাৰিয়া বুলি প্ৰকাশ।
ইয়াতে উল্লেখনীয় এয়াও যে,কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জইছ-ই-মহম্মদৰ নেতা মাছুদ আজাহাৰাৰ নেতৃত্বত বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰি অসম, বংগ আৰু ত্ৰিপুৰাত ভয়ংকৰ কূটঘাতমূলক ঘটনা সংঘটিত কৰাৰ বাবে “জামাত-উল মুমিন” নামৰ মহিলা ফিদাইন গোট গঠন হোৱাৰ চোৰাংচোৱা সন্থা সমূহে পোৱা উদ্বেগজনক তথ্যৰ মাজতে এইদৰে চাৰিগৰাকী বাংলাদেশী যুৱতীয়ে অবৈধ ভাবে, অনায়াসে অসমলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হোৱাৰ ঘটনাটো তাৎপৰ্য্য পূৰ্ণ বুলিয়েই কিন্তু বিবেচিত হৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৮ নৱেম্বৰ