নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ ফিফা বিশ্বকাপত চেম্পিয়ন পর্তুগাল

১৭ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত হৰুৱালে অষ্ট্রিয়াক, উৎফুল্লিত ৰ’নাল্ডো

ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দেশখনৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে৷ পর্তুগালৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে ফিফা বিশ্বকাপ ফুটবলত চেম্পিয়নৰ সন্মান অর্জন কৰিছে৷

প্রথমবাৰৰ বাবে ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ খিতাপ জয় কৰা পর্তুগালে ফাইনেল মেচখনত অষ্ট্রিয়াক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ১–০ গ’লত পৰাস্ত কৰি খিতাপ হস্তগত কৰে৷

কাটাৰৰ ডোহাৰ খালিফা ইণ্টাৰনেচনেল ষ্টেডিয়ামত  অনুষ্ঠিত ফাইনেল মেচখনত পর্তুগালৰ হৈ বিজয়সূচক গ’লটো স্ক’ৰ কৰে এনিছি’ কাবৰালে৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রম ভৰা খেলখনৰ ৩২ মিনিটত পর্তুগালে বৃহৎ সফলতাটোৰ মুখ দেখে৷

পৰৱর্তী সময়ত অষ্ট্রিয়াই গ’লটো পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে আৰু প্রতিযোগিতাখনত ৰানার্ছআপতে সন্তুষ্ট থাকিবলগীয়া হয়৷ ২০০৩ চনৰ পিছত প্রথমবাৰৰ বাবে ১৭ বছৰ অনূর্ধ্ব বিশ্বকাপলৈ যোগ্যতা অর্জন কৰা পর্তুগালে গ্রুপৰ প্রথমখন মেচত নর্ত কেলেড’নিয়াক ৬–১ গ’লত পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছিল৷

পৰৱর্তী মেচখনত মৰক্কোক ৬–০ গ’লত পৰাস্ত কৰে যদিও গ্রুপৰ অন্তিমখন খেলত জাপানৰ হাতত ১–২ গ’লত পৰাস্ত হৈছিল পর্তুগাল৷ অৱশ্যে নকআউট পর্যায়ৰ পৰাই পর্তুগালৰ জুনিয়ৰ ব্রিগেড একেবাৰে অপ্রতিৰোধ্য হৈ পৰিছিল৷

প্রথমে বেলজিয়ামক ২–১ গ’লত, পৰৱর্তী মেচত মেক্সিকোক ৫–০ গ’লত পৰাস্ত কৰি কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰা পর্তুগালে অন্তিম আঠত ছুইজাৰলেণ্ডক ২–০ গ’লত পৰাস্ত কৰে৷ অৱশ্যে ছেমিফাইনেলত ব্রাজিলৰ বিৰুদ্ধে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা পর্তুগালে অৱশ্যে টাইব্রেকাৰত জয়লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল৷

ইপিনে, দেশৰ যুৱ প্রতিভাৰ অবিশ্বাস্য সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে দেশখনৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ CR7-এ তেওঁৰ ইনষ্টাগ্রাম ষ্ট’ৰীত নতুন বিশ্ব চেম্পিয়নক অভিনন্দন জনায়৷ ১৭ বছৰ অনূর্ধ্ব পর্তুগাল দলটোক লৈ ফুটবল সমাজ যথেষ্ট আশাবাদী৷

কাৰণ এই দলটোৱে এইবাৰ ইউৰোপৰ শ্রেষ্ঠ আৰু বিশ্বৰ শ্রেষ্ঠ হৈ পৰিছে৷ উল্লেখ্য যে পর্তুগালে এইবাৰ ১৭ বছৰ অনূর্ধ্ব ইউৰোপীয় চেম্পিয়নশ্বিপতো চেম্পিয়ন হয়৷

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ

You might also like