নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ণিল কার্যসূচীৰে সামৰণি দ্বিতীয় নর্থ–ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ

৫৩টা সোণৰ পদকেৰে শ্রেষ্ঠত্ব অর্জন অসমৰ

বর্ণাঢ়্য কার্যসূচীৰ সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় নর্থ– ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ৷ উদয়াচলৰ উদ্যোগত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত তথা পেৰা অলিম্পিক এছ’চিয়েচন অৱ আছামৰ সহযোগত ২৭ নৱেম্বৰৰ পৰা মহানগৰীৰ তিনিটা ভেন্যুত অনুষ্ঠিত হৈছিল বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ বাবে আয়োজিত প্রতিযোগিতাখন৷

উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ ৭খন ৰাজ্যৰ ৭০০ৰো অধিক বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্রহণ কৰা এই প্রতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত এইবাৰ অনুষ্ঠিত হৈছিল৷ পেৰা স্প’ৰ্টছৰ মুঠ ৬টা শিতান ক্রমে এথলেটিকছ, বেডমিণ্টন, বোচ্চিয়া, দবা, সাতোঁৰ আৰু টেবুল টেনিছত পেৰা এথলীটসকলে অংশগ্রহণ কৰে৷ স্প’টছ মীটখন ২৭ নৱেম্বৰৰ পৰা সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্প’টছ কমপ্লেক্স, আমিনগাঁৱৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুল আৰু পাণ্ডুৰ উদয়াচলত অনুষ্ঠিত হৈছিল৷

বর্ণাঢ়্য কার্যসূচীৰে প্রতিযোগিতাখনৰ সামৰণি পৰে৷ এইবাৰ প্রতিযোগিতাৰ সর্বাধিক ৫৩টা স্বর্ণপদকসহ মুঠ ১৫২টা পদকেৰে অসম দল বিজয়ী হিচাপে ঘোষণাৰ হোৱাৰ লগতে ৮৪টা পদক লাভ কৰা অৰুণাচল প্রদেশ ৰানার্ছআপ হিচাপে বিবেচিত হয়৷

অসম দলে ৫৩টা সোণৰ পদকৰ লগতে ৫০টা ৰূপ, ৪৯টা ব্রঞ্জৰ পদক লাভ কৰে৷ একেদৰে ৰানার্ছআপ দল অৰুণাচল প্রদেশে ২৩টা স্বর্ণ পদক, ৩১টা ৰূপ আৰু ৩০টা ব্রঞ্জৰ পদক লাভ কৰে৷

একেদৰে মণিপুৰ দলে ৮টা সোণৰ আৰু তিনিটা ব্রঞ্জৰ পদকত ক্ষান্ত থাকিবলগীয়া হয়৷ নাগালেণ্ডে আৰু মিজোৰামে এটাও পদক জয় কৰিবলৈ সক্ষম নোহোৱাৰ লগতে ছিকিমে এটা সোণ, এটা ৰূপ আৰু ৬টা ব্রঞ্জৰ পদক লাভ কৰে৷ ত্রিপুৰা দলে ১০টা সোণ, ১২টা ৰূপ আৰু ৯টা ব্রঞ্জৰ পদক লাভ কৰে৷

বিজয়ী দল অসমক আজিৰ সামৰণী অনুষ্ঠানত বিজয়ী ট্রফী প্রদান কৰে পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ কোষাধ্যক্ষ সুনীল প্রধান, আছাম পেট্র’কেমিকেল্ছৰ লিমিটেডৰ স্বতন্ত্র সঞ্চালক জিতু তালুকদাৰকে প্রমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকলে৷

উল্লেখ্য যে বিজয়ী দল অসমে জয় জুবিনদা ধ্বনিৰে ট্রফী গ্রহণ কৰে৷ সামৰণী অনুষ্ঠানত কেবাগৰাকীও পেৰা এথলীটে সুন্দৰ গীত পৰিৱেশন কৰে৷ অনুষ্ঠানটোৰ আৰম্ভণিতে পেৰা অলিম্পিক এছ’চিয়েচন অৱ আছামৰ সাধাৰণ সম্পাদক ৰাজীৱ দে’য়ে আদৰণী ভাষণ দিয়ে৷

অনুষ্ঠানটোত চামাৰীয়া গ্রুপৰ সঞ্চালক ৰাহুল চামাৰীয়া, ৰাজ্য চৰকাৰৰ অতিৰিক্ত সচিব দৰথী সুচিয়ান, মণিপুৰ পেৰা স্প’ৰ্টছ এছ’চিয়েচনৰ সভাপতি বীৰেন্দ্র সিং, অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰকে ধৰি আন কেইবাগৰাকী ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷

ডিজিটেল ডেস্ক, ৩০ নৱেম্বৰ

You might also like