নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰে শৃংখলাৰ পিছতে ভৱিষ্যৎ নির্ণয় হ’ব ৰোহিত-কোহলিৰ

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : টীম ইণ্ডিয়াৰ দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ ভৱিষ্যৎ নির্ণয় হ’ব পাৰে দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া এদিনীয়া শৃংখলাৰ পিছত৷ দুয়োগৰাকী তাৰকা ক্রিকেটাৰৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট কেৰিয়াৰ কিমান দীঘলীয়া হ’ব, সেয়া নির্ভৰ কৰিব এই শৃংখলাটোৰ প্রদর্শনীৰ ওপৰত৷ কোহলি আৰু ৰোহিতৰ ভৱিষ্যৎ সন্দর্ভত সিদ্ধান্ত ল’বলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিষয়াসকল বৈঠকত মিলিত হ’ব৷

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে শৃংখলাৰ পিছত চলিত বছৰত ভাৰতীয় দলটোৰ আন কোনো এদিনীয়া শৃংখলা নাই৷ সেয়েহে ব’ৰ্ডৰ বিষয়াসকলে এই শৃংখলাটো শেষ হোৱাৰ পিছতহে পৰৱর্তী বছৰৰ বাবে পৰিকল্পনা কৰিব বিচাৰে৷ এদিনীয়া শৃংখলাৰ অন্তত আহমেদবাদত প্রশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নির্বাচক অজিত আগৰকাৰক সাক্ষাৎ কৰিব ব’ৰ্ডৰ বিষয়াসকলে৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, উক্ত বৈঠকতে হয়তো এই দুই জ্যেষ্ঠ ক্রিকেটাৰৰ ভৱিষ্যৎ চূড়ান্ত হ’ব৷ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলিব বিচাৰিছে ৰোহিত আৰু কোহলিয়ে৷

ব’ৰ্ডৰ সূত্র অনুসৰি, তৃতীয়খন এদিনীয়াৰ পিছত ব’ৰ্ডৰ বিষয়াসকলে প্রশিক্ষক আৰু মুখ্য নির্বাচকৰ সৈতে আগন্তুক এদিনীয়া বিশ্বকাপৰ প্রস্তুতিৰ বিষয়ে আলোচনা কৰিব৷ ব’ৰ্ডৰ এজন বিষয়াই কয় যে কোহলি আৰু ৰোহিতৰ দৰে খেলুৱৈৰ পৰা আমি কি বিচাৰোঁ সেই বিষয়ে স্পষ্ট হোৱাটো অতি প্রয়োজনীয়৷ দল পৰিচালকে তেওঁলোকক কি ভূমিকাত চাব বিচাৰে সেয়াও জনাটো প্রয়োজনীয়৷ কাৰণ, তেওঁলোকৰ দৰে খেলুৱৈয়ে অনিশ্চয়তাৰে খেলি থাকিব নোৱাৰে৷ তেওঁ লগতে কয় যে আমি তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে কোনো জল্পনা–কল্পনা নিবিচাৰোঁ৷ কেৱল ফিটনেছ আৰু প্রদর্শনৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷

You might also like