বহুবিবাহ –জনজাতিকৰণ
অসমত বহুবিবাহ নিষিদ্ধকৰণৰ যুগান্তকাৰী সিদ্ধান্ত লৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে৷ অসম বিধানসভাৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশন মাথোঁ ছয়দিনীয়া কর্মসূচীৰে অনুষ্ঠিত হৈছিল যদিও এই অধিৱেশনত কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ক্ষমতালৈ আহিয়েই সমাজৰ এক ব্যাধি হৈ পৰা বাল্য বিবাহ নিষিদ্ধকৰণ কৰি বিধানসভাত বিধেয়ক গৃহীত কৰাৰ পিছত ২৭ নৱেম্বৰত বহুবিবাহ নিষিদ্ধকৰণৰ কঠোৰ বিধেয়ক এখন গৃহীত হৈছিল৷ বাল্য বিবাহ আৰু বহুবিবাহ ৰাজ্যখনৰ জনগাঁথনি পৰিৱর্তনৰ এক অন্যতম কাৰক৷ বিশেষকৈ বাংলাদেশী মূলৰ লোক আৰু পিছপৰা অঞ্চলত বাল্য বিবাহ আৰু বহুবিবাহ চলি আহিছে৷ ২০২১ৰ ১ এপ্রিলৰ পৰা ৰাজ্যখনত বাল্য বিবাহৰ বিৰুদ্ধে এলানি বিশেষ অভিযান আৰম্ভ কৰিছিল ৰাজ্যৰ আৰক্ষী বিভাগে৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশক্রমে বাল্য বিবাহ প্রতিৰোধ আইন, ২০০৬ আৰু পকছ’ আইন ২০১২ৰ অধীনত ৰাজ্যখনৰ বিভিন্ন প্রান্তত পাঁচ হাজাৰৰো অধিক গোচৰ পঞ্জীভুক্ত হৈছিল৷ এই গোচৰসমূহত সাত হাজাৰৰো অধিক লোক অভিযুক্ত আছিল আৰু ৩,৪৮৩জন লোকক আটক কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰা হৈছিল৷ বাল্য বিবাহ নিষিদ্ধকৰণৰ কঠোৰ বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ পিছতে লক্ষণীয়ভাৱে ৰাজ্যজুৰি হ্রাস হৈছে বাল্য বিবাহ৷ বহুবিবাহ নিষিদ্ধকৰণৰ বাবে ২৭ নৱেম্বৰত গৃহীত হোৱা বিধেয়কখন অনুসৰি এতিয়া আৰু কোনো ব্যক্তিয়ে প্রথম পত্নী জীয়াই থকা অৱস্থাত দ্বিতীয় বিবাহ সম্পন্ন কৰাটো গুৰুতৰ অপৰাধৰূপে গণ্য কৰা হ’ব৷ প্রথমা পত্নী থকা সত্ত্বেও দ্বিতীয় বিবাহ সম্পন্ন কৰিলে সাত বছৰপর্যন্ত কাৰাদণ্ডৰ বিধান ৰখা হৈছে৷ প্রথম বিবাহক গোপনে ৰাখি পুনৰ বিবাহপাশত আবদ্ধ হ’লে ১০ বছৰ পর্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা ৰখা হৈছে৷ ইচ্ছাকৃতভাৱে বহুবিবাহ কার্যত সহযোগ কৰা অথবা এনে কার্যক গোপনে ৰখা পিতৃ-মাতৃ, গাঁওবুঢ়া, কাজী, আইনী অভিভাৱক আদিক এক লাখ টকাকৈ জৰিমনা আৰু দুবছৰৰ কাৰাদণ্ড প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ বহুবিবাহ নিষিদ্ধকৰণৰ এনে কঠোৰ আইনে নিশ্চিতভাৱে অসমৰ মহিলাসকলক এক সুৰক্ষিত জীৱন প্রদান কৰিব৷ মহিলা সবলীকৰণৰ ক্ষেত্রত যিমানেই পদক্ষেপ গ্রহণ নকৰক কিয়, আমাৰ সমাজৰ পৰা বহুবিবাহ চলি থকাৰ ফলত বিবাহিতা মহিলাসকলে বিভিন্ন দুখ–যন্ত্রণা সহ্য কৰি থাকে যাতে পৰিয়ালত অশান্তিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়৷ বহু সময়ত পত্নীৰ অসুস্থতা আৰু সন্তানহীনতাক দোহাই দি বহুবিবাহ কৰোৱাৰ ব্যৱস্থা চলি আছে৷ শ্বৰীয়তৰ দোহাই দি একাংশ ধর্মীয় সংখ্যালঘু লোকে চাৰিগৰাকী পর্যন্ত পত্নী ৰখাৰ ব্যৱস্থা আছে৷ এক দেশ আৰু এক জাতিৰ অধীনত সমগ্র দেশতে এক আইন বলৱৎ কৰাৰ প্রয়োজনীয়তা আছে৷ যদিহে দেশৰ প্রতিজন নাগৰিকে সাংবিধানিক অধিকাৰ সমভাৱে লাভ কৰে, চৰকাৰী আঁচনিৰ সুবিধাও সমানে লাভ কৰে তেন্তে দেশৰ প্রচলিত আইন সকলোৰে বাবে এক হ’ব লাগে৷ ইয়াক লৈ বিতর্কৰ অৱকাশ নাই৷
বাল্য বিবাহ, বহুবিবাহ নিষিদ্ধকৰণ আৰু চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্রদানৰ লেখিয়া যুগান্তকাৰী সিদ্ধান্তৰ বাবেই সদ্যসমাপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনে বিশেষ গুৰুত্ব লাভ কৰিছে৷ ইয়াৰ লগে লগে অসম বিধানসভাৰ শীতকালীন অধিৱেশনখন এইবাৰ ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে৷ ৰাজ্যৰ কোচ ৰাজবংশী, আদিবাসী–চাহ জনগোষ্ঠী, মৰাণ, মটক, টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ লোকসকলে দীর্ঘকাল অনুসূচিত জনজাতিৰ স্বীকৃতিৰ দাবী উত্থাপন কৰি আহিছে৷ ৯০ দশকৰ পৰা ছয়টা জনগোষ্ঠীয়ে এইক্ষেত্রত উমৈহতীয়াভাৱে প্রতিবাদী কার্যসূচীও গ্রহণ কৰিছে৷ প্রতিটো নির্বাচনৰ সময়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে প্রাধান্য লাভ কৰে যদিও মূৰকত সমস্যাটোৱে সমাধানৰ মুখ নেদেখে৷ ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক সদৌ অসম ট্রাইবেল সংঘকে ধৰি জনজাতীয় সংগঠনসমূহে বিৰোধিতা কৰি আহিছে৷ জনজাতীয় সংগঠনসমূহৰ আশংকা এয়ে যে ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মর্যাদা প্রদান কৰিলে বর্তমানৰ জনজাতীয় লোকসকলে লাভ কৰি থকা সংৰক্ষণকে ধৰি অন্যান্য চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব৷ জনজাতীয় সংগঠনসমূহৰ এনে আশংকা অমূলক নহয়৷ কিন্তু বাংলাদেশৰ পৰা ব্যাপক হাৰত চলি থকা অনুপ্রৱেশকাৰীৰ সমস্যাই ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱর্তন ঘটাই খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু জীৱিকাৰ প্রতি গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ এইক্ষেত্রত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বার্থতে অসমক জনজাতীয় ৰাজ্য ঘোষণাৰ বিষয়টো চর্চিত হৈছে৷ ছয় জনগোষ্ঠীৰ লোকসকলক অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ জৰিয়তে বাংলাদেশী অনুপ্রৱেশকাৰীৰ আগ্রাসন ৰোধৰ এলানি কঠোৰ ব্যৱস্থা গ্রহণৰ সুযোগ উলিয়াব পৰা যাব৷ কিন্তু ভূমিপুত্র তথা বর্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰৰ হানি–বিঘিনি নকৰাকৈ ছয় জনগোষ্ঠীৰ দীর্ঘকালীন সমস্যাটো সমাধান কৰাটো সহজসাধ্য নহয়৷ কিন্তু বর্তমানৰ জনজাতীয় লোকসকলৰ ক্ষতি নকৰাকৈ ছয় জনগোষ্ঠীৰ লোকসকলক অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই এক বিকল্প পথৰ সন্ধান উলিয়াইছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোৰ সমাধান কৰিবলৈ ডাঃ ৰণোজ পেগু নেতৃত্বাধীন মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন ২৯ নৱেম্বৰত বিধানসভাত দাখিল কৰা হৈছে৷ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, মৰাণ আৰু মটকক অনুসূচিত জনজাতিৰ (ভৈয়াম) আৰু আহোম, চুতীয়া আদিবাসী–চাহ জনগোষ্ঠীক অনুসূচিত জনজাতি (উপত্যকা)ৰ মর্যাদা প্রদানৰ প্রস্তাৱ আগবঢ়োৱা হৈছে৷ দেশৰ সংবিধানত জনজাতি লোকসকলক ঘাইকৈ দুটা ভাগত বিভক্ত কৰা আছে৷ পার্বত্য আৰু ভৈয়াম জনজাতিৰ তালিকাতে আছে দেশৰ জনজাতীয় লোকসকল৷ ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ নতুনকৈ জনজাতীয় (উপত্যকা) স্বীকৃতি প্রদান কৰিবলৈ হ’লে নিশ্চিতভাৱে প্রয়োজন হ’ব সংবিধান সংশোধনৰ৷ এইক্ষেত্রত বিধানসভাত দাখিল কৰা মন্ত্রীগোটৰ প্রতিবেদন কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ অনুমোদন আৰু সংবিধান সংশোধনৰ বাবে প্রেৰণ কৰা হ’ব৷ যিহেতু দিল্লী আৰু দিছপুৰত একেখন চৰকাৰ আছে সেয়ে ছয় জনগোষ্ঠীৰ সমস্যাটো সমাধানৰ পথ প্রশস্ত হোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সামূহিক সুৰক্ষাৰ স্বার্থতে জনজাতীয় লোকসকলেও এইক্ষেত্রত ইতিবাচক ভূমিকা গ্রহণ কৰা উচিত৷ সন্মুখত থকা বিধানসভা নির্বাচনৰ বাবে হকে-বিহকে সৃষ্টি কৰা বিতর্কই সামূহিকভাৱে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক উপকৃত নকৰে৷ ক্ষমতা দখলৰ ৰাজনীতিৰ বাবে এতিয়া হয়তো বহুতো অনাহক পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ ৰাজনৈতিক শক্তি তৎপৰ হৈ উঠিব৷ ইয়াতে উজান দিব ৰাজ্যখনক অস্থিৰ কৰিবলৈ অহৰহ চক্রান্তত লিপ্ত থকা বিশেষ চক্রসমূহে৷ এইক্ষেত্রত ৰাজ্যখনৰ প্রতিজন বিবেকৱান লোক সজাগ হোৱা উচিত৷