নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত এইচআইভি আক্রান্ত কমিছে আধালৈ, মাতৃ–শিশুৰ সংক্রমণৰ হাৰ ৭৫ শতাংশ হ্রাস

নিউজ ডেস্ক, ২ ডিচেম্বৰ : হিউমেন ইমিউন ডেফিচিয়েঞ্চী ভাইৰাছ চমুকৈ এইচআইভি সংক্রমণৰ ক্ষেত্রত নাকী লগাবলৈ সক্ষম হৈছে ভাৰত চৰকাৰ৷ বিশ্ব এইডছ দিৱস–২০২৫ উপলক্ষে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰা এক প্রতিবেদনত কোৱা হৈছে যে ২০১০ বর্ষৰ পৰা ২০২৪ বর্ষৰ ভিতৰত দেশখনত উল্লেখযোগ্যভাৱে হ্রাস পাইছে এইচআইভিৰ সংক্রমণ৷ এই ১৪ বছৰত সংক্রমণৰ হাৰ কমিছে ৪৯ শতাংশ৷ সমান্তৰালভাৱে ৮১ শতাংশ হ্রাস পাইছে এইডছ আক্রান্তৰ মৃত্যুৰ হাৰ৷

স্বাস্থ্য মন্ত্রালয়ৰ প্রতিবেদন অনুসৰি ব্যাপক প্রচাৰৰ সমান্তৰালভাৱে গর্ভৱতী মহিলাসকলৰ বর্ধিত স্ক্রীনিং তথা আগে ভাগে চিকিৎসা আৰম্ভ কৰাৰ ফলত নিয়ন্ত্রণলৈ আহিছে এইডছৰ দৰে মাৰাত্মক ব্যাধি৷ সময় মতে চিকিৎসা কৰাৰ ফলত যোৱা ১৪ বছৰত মাতৃ আৰু শিশুৰ সংক্রমণৰ হাৰ ৭৫ শতাংশ হ্রাস পাইছে৷

বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা মতে, প্রথম পর্যায়তে এইচআইভি চিনাক্ত কৰিব পাৰিলে তাক সহজে নিয়ন্ত্রণ কৰিব পাৰি৷ ব্যাপক পৰীক্ষা, দ্রুত ৰোগ চিনাক্তকৰণ আৰু এণ্টিৰেট্র’ ভাইৰেল থেৰাপী আৰম্ভণিৰে পৰা চলাই গ’লে এই ৰোগৰ সৈতে যুঁজ দিয়াটো সম্ভৱ৷ ভাৰতত এইক্ষেত্রত যথোচিত পদক্ষেপ গ্রহণ কৰাৰ ফলত এই সাফল্য লাভ কৰিব পৰা গৈছে৷ উল্লেখযোগ্য যে এই ভাইৰাছে মানুহৰ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা নষ্ট কৰে৷

You might also like