নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২ ডিচেম্বৰ : ৰূপহীহাটত অবৈধ চৰকাৰী মাটি বেদখলকাৰীৰ বাজি উঠিল বিপদঘন্টা। ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ এটা বৃহৎ দল। মাত্ৰ ৭২ ঘণ্টাৰ পিছতেই চলিব প্ৰশাসনৰ বুলড’জাৰ। ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিৰ ৭৫টা পৰিয়ালৰ ঘৰত চলিব এই উচ্ছেদ অভিযান। ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ আৰক্ষীৰ দলে আজি পৰিদৰ্শন কৰে বেদখলীকৃত এলেকা। চৰকাৰী ভূমি খালী কৰিবলৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা।

ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত বেদখলকাৰীয়ে নিজে নিজে খালী কৰিছে চৰকাৰী ভূমি। উচ্ছেদৰ পূৰ্বেই বেদখলীকৃত ভূমি এৰিছে বেদখলকাৰীয়ে। নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা, খালী কৰিছে চৰকাৰী ভূমি, টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে।

চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গ্ৰেজিং ৰিজাৰ্ভৰ ৩৮ বিঘা ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহ চক্ৰই। ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলীকৃত ভূমি খালী কৰিবলৈ। বেদখলকাৰীয়ে চৰকাৰী নিৰ্দেশনা পালন কৰি নিজে নিজে খালী কৰিছে চৰকাৰী ভূমি।

You might also like