ৰায়পুৰত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ, প্রত্যাৱর্তনৰ লক্ষ্য দক্ষিণ আফ্রিকা-ৰ
সুন্দৰৰ স্থানত তিলক বার্মাক মূল একাদশত অন্তর্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে
ৰায়পুৰত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত দ্বিতীয়খন মেচ আজি ৰায়পুৰত অনুষ্ঠিত হ’ব৷
ৰাঁচীত হৈ যোৱা প্রথমখন এদিনীয়া মেচত বিজয় সাব্যস্ত কৰি সম্প্রতি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে দ্বিতীয়খন মেচত বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে৷ বিৰাট কোহিল আৰু ৰোহিত শর্মাৰ প্রত্যাৱর্তনে দলটোৰ মনোবল বহুখিনি বৃদ্ধি কৰিছে আৰু আজি ৰায়পুৰত পাবলগীয়া মেচখনত জয়লাভৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে লোকেশ ৰাহুল নেতৃত্বাধীন ভাৰতীয় দলটো৷
মেচখনত কোহলি আৰু ৰোহিত শর্মাৰ পৰা দীঘলীয়া ইনিংছৰ আশা ব্যক্ত কৰি ভাৰতীয় দলটোৰ অধিনায়ক লোকেশ ৰাহুলে কয় যে মেচখনত দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ ৰুতুৰাজ গাইকোৱাডৰ স্থানত নীতিশ কুমাৰ ৰেড্ডীক অন্তর্ভুক্ত কৰাৰ চিন্তা–চর্চা কৰা হৈছে৷
ইফালে, তিলক বার্মা আৰু ঋষভ পণ্টকো মূল একাদশলৈ ওভতাই অনাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে তিলক আৰু ঋষভৰ মিডল অর্ডাৰত বেটিং কৰাৰ দক্ষতা আছে৷
ইপিনে, মেচখনত ৱাশিংটন সুন্দৰো বাদ পৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি লোকেশ ৰাহুলে কয় যে প্রথমখন এদিনীয়াত সুন্দৰে আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছিল৷ বেটিং আৰু বলিং উভয়তে তেওঁ ব্যর্থ হয়৷
গতিকে, সুন্দৰৰ স্থানত তিলক বার্মাক মূল একাদশত অন্তর্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে৷ ইফালে, স্পিন বলিঙৰ দায়িত্বত ৰবীন্দ্র জাদেজা আৰু কুলদীপ যাদৱ থাকিব৷ আনহাতে, ৰাঁচীৰ এদিনীয়া মেচখনত অ’পেনাৰ যশস্বী জয়ছোৱালে ভাৰতীয় দলটোক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয় যদিও তেওঁক পুনৰ এবাৰ সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰি ৰাহুলে কয় যে আশা কৰিছোঁ জয়ছোৱালে ৰোহিত শর্মাৰ সৈতে ইনিংছ মুকলি কৰি ভাৰতীয় দলটোক প্রত্যয়জনক আৰম্ভণি দিব পাৰিব৷
মেচখনতো ৰোহিত আৰু কোহলিৰ পৰা দীঘলীয়া ইনিংছৰ আশা কৰিছে অধিনায়ক ৰাহুলে৷ ৰোহিত আৰু কোহলিয়ে গুৰু দায়িত্ব পালন কৰি দলৰ জয়ত মুখ্য ভূমিকা ল’ব৷
ইফালে, দক্ষিণ আফ্রিকাই শৃংখলাটোত প্রত্যাৱর্তনৰ লক্ষ্য লৈছে৷ প্রথমখন মেচত পৰাজিত হ’লেও কাইলৈৰ দ্বিতীয়খন মেচত জয়লাভ কৰাৰ বাবে সকলোধৰণৰ চেষ্টা চলাব৷ ৰায়পুৰত টীম ইণ্ডিয়াই সাজু কৰা ৰণনীতি গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে বুলি দক্ষিণ আফ্রিকাৰ দলটোৰ অধিনায়ক এইডেন মাৰ্কৰামে ব্যক্ত কৰে৷
খেলৰ সময়ঃ দিনৰ ১.৩০ বজা৷