পুটিন -ৰ ভাৰত ভ্রমণৰ পূর্বে যুদ্ধংদেহি ৩ ৰাষ্ট্রদূত
নিউজ ডেস্ক, ৪ ডিচেম্বৰ : আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীৰ এই ভাৰত ভ্রমণ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীৰ ভাৰত ভ্রমণৰ পূর্বৰ দিনটোত এক ইংগিতবাহী পদক্ষেপ গ্রহণ কৰিছে ৰাছিয়াৰ তিনিখন ‘শত্রু’ ৰাষ্ট্রই৷ তিনিওখন ৰাষ্ট্রৰ ফালৰ পৰা যৌথভাৱে ৰাষ্ট্রপতি পুটিনৰ ভাৰত ভ্রমণ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰা হৈছে৷ ভাৰতত নিযুক্ত ব্রিটেইন, ফ্রান্স আৰু জার্মানীৰ ৰাষ্ট্রদূত তিনিওগৰাকীয়ে যৌথভাৱে এক প্রতিবেদন প্রকাশ কৰিছে৷ সেই প্রতিবেদনত ৰাষ্ট্রপতি পুটিনক ক্ষুৰধাৰ সমালোচনা কৰা দেখা গৈছে৷ তাকে লৈ নতুন দিল্লীত চলিছে ব্যাপক চর্চা৷ বিষয়টোক লৈ ইতিমধ্যে সক্রিয় হৈ উঠিছে ভাৰতৰ বিদেশ মন্ত্রালয়৷
ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পর্কক লৈ দীর্ঘদিন ধৰি অসন্তুষ্ট পশ্চিমীয়া দেশসমূহ৷ আমেৰিকাৰ পৰা আৰম্ভ কৰি একাধিক দেশেই নতুন দিল্লী আৰু মস্কোৰ মাজৰ সম্পর্কক লৈ নানাভাৱে অসন্তুষ্টি প্রকাশ কৰি আহিছে৷ ভাৰতৰ এখন আগশাৰীৰ সংবাদ পত্রত ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীৰ ভাৰত ভ্রমণ সন্দর্ভত তিনিওখন ৰাষ্ট্রৰ ৰাষ্ট্রদূতসকলে যুটীয়াভাৱে এখন প্রতিবেদন প্রকাশ কৰিছে৷ ব্রিটিছ হাই কমিছনাৰ লিণ্ডি কেমেৰন, জার্মান হাইকমিছনাৰ ফিলিপ একাৰমেন আৰু ফৰাছী ৰাষ্ট্রদূত থিয়েৰি মাথোৱে ‘সমগ্র বিশ্বই বিচাৰিছে ইউক্রেইনৰ যুদ্ধৰ পৰিসমাপ্তি ঘটক, কিন্তু ৰাছিয়াই শান্তি ওভতাই আনিবলৈ সচেষ্ট নহয়’ শিৰোনামৰ এই প্রতিবেদনটি প্রকাশ কৰিছে৷
সমগ্র প্রতিবেদনখনত ৰাছিয়া আৰু পুটিনক তীব্র সমালোচনা কৰিছে তিনিওগৰাকী ৰাষ্ট্রদূতে৷ লগতে জনাইছে যে তেওঁলোকৰ দেশে ইউক্রেইনক সকলোপ্রকাৰে সহায় কৰিব৷ উল্লেখ্য যে ব্রিটেইন ফ্রান্স আৰু জার্মানী তিনিওখন ৰাষ্ট্রই নাটোৰ সদস্য৷ ইফালে, তিনি ৰাষ্ট্রদূতৰ এই কাণ্ডত উদ্বিগ্ণ হৈ পৰিছে নতুন দিল্লী৷ বিদেশ মন্ত্রালয়ৰ এগৰাকী শীর্ষ বিষয়াই মন্তব্য কৰিছে যে ভাৰতৰ সৈতে কোনো তৃতীয় দেশৰ সম্পর্কক লৈ মতামত দিব নোৱাৰে কূটনৈতিক বিষয়াসকলে৷
স্মর্তব্য যে ভাৰত ভ্রমণৰ পূর্বে পুটিনে মন্তব্য কৰিছিল যে ৰাছিয়াই ইউৰোপৰ সৈতে যুদ্ধ কৰিবলৈ নিবিচাৰে৷ তথাপি ইউৰোপে যদি যুদ্ধ বিচাৰে তেন্তে সেই পথত আগবাঢ়িবলৈ ক্রেমলিনো প্রস্তুত৷ তাৰ পিছতেই প্রকাশ পায় তিনিওখন ৰাষ্ট্রৰ এই প্রতিবেদন৷