ঢকুৱাখনা কলেজ (স্বায়ত্তশাসিত)ত ‘সম্বৰ্টিকা’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থ উন্মোচন
উত্তৰ অসমৰ অগ্ৰণী উচ্চশিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়(স্বায়ত্বশাসিত)ত আজি এখন বহুধা বিষয়ক গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰা হয়।মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত ‘সম্বৰ্টিকা’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে।
মুঠ ২৪৭ পৃষ্ঠাৰ গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ পূৰ্ণানন্দ গগৈয়ে উন্মোচনী ভাষণত কয়- সাহিত্য মূলতঃ এক সৃজনীমূলক কলা। গভীৰ অধ্যয়ন, কঠোৰ অনুশীলন আৰু সংবেদনশীলতাৰ অবিহনে সাহিত্য সৃষ্টি সম্ভৱ নহয়। সেয়া লাগিলে প্ৰৱন্ধ সাহিত্যই হওক বা গল্প সাহিত্যই হওক অথবা উপন্যাস, কবিতা আদি।
তেওঁ লগতে আৰু কয় যে যিকোনো সাহিত্যৰ সৃষ্টিৰ বাবেই অধ্যয়ন, অনুশীলন আৰু সংবেদনশীলতাকেই প্রধান অৱলম্বন হিচাবে গ্রহণ কৰিবই লাগিব। গ্ৰন্থ উন্মোচনী সভাখন উদ্ধোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতে।গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু সংখ্যক শিক্ষানুৰাগী লোক উপস্থিত থাকে।
অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থখনত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ ২০ খনকৈ গৱেষণাপত্ৰও প্ৰকাশ পায়।আকাৰ প্ৰকাশৰ উদ্যোগত, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগত প্ৰকাশিত গ্ৰন্থখন সম্পদনা কৰি উলিয়াইছে মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ড° বিজয় কৃষ্ণ ঘোষ, ড° পৰীস্মিতা গগৈ আৰু ড° বিভাৰাণী দাসে। গ্ৰন্থখনৰ জৰিয়তে সমাজ, অৰ্থনীতি, ৰাজনীতি আৰু বৌদ্ধিক জগতত বিশেষভাৱে প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৪ ডিচেম্বৰ