নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ত বিজেপিৰ ছুনামি… বিৰোধী সংখ্যালঘু বিধায়কৰ মুখত মুখ্যমন্ত্ৰীৰ জয়গান

২০২৬ৰ নিৰ্বাচনত বিজেপিৰ ছুনামি আহিব। ১০০তকৈ বেছি আসন পাব ভাৰতীয় জনতা পাৰ্টীয়ে। এই ভৱিষ্যতবাণী কোনো বিজেপি বিধায়ক বা মন্ত্ৰীৰ নহয়। এই ভাষ্য এজন বিৰোধী সংখ্যালঘু বিধায়কৰ।

হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ মতে অহা নিৰ্বাচনত বিজেপিৰ ছুনামি আহিব। তেওঁ AIUDF দলৰ পৰা নিৰ্বাচিত হ’লেও অহা নিৰ্বাচনত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ লগত থাকিব।

এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক জাকিৰে হাইলাকান্দিত এই কথা প্ৰকাশ কৰে।

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ

You might also like