নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিব উচ্ছেদ, সম্পূর্ণ সাজু জিলা প্ৰশাসন

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৪ ডিচেম্বৰ : ৰূপহীহাটৰ ভকতগাঁৱত ৫ ডিচেম্বৰৰ পুৱাৰে পৰা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সম্পূর্ণ সাজু হৈছে জিলা প্ৰশাসন।

ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ পূৰ্বেই নিজে নিজে খালী কৰিলে বেদখলীকৃত ভূমি। চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ১২ দাগৰ ভকতগাঁও কিচামতৰ ৩৮ বিঘা ভূমি বেদখলীৰ কবলত আছে। দশক ধৰি বেদখলীৰ কবলত আছিল ভকতগাঁৱৰ চৰকাৰী মাটিখিনি। শতাধিক পৰিয়ালে বেদখল কৰি আছিল ৩৮ বিঘা চৰকাৰী ভূমি।

আজি ভকতগাঁৱৰ বেদখলকাৰীয়ে কেমেৰাৰ আগত হিয়া ঢাকুৰি কান্দি কান্দি কয়- আমাক গুলীয়াই মাৰক। আমাৰ যাবলৈ ক’তো জাগা নাই । মাটি নাই কাৰণে চৰকাৰী ভূমিতেই ঘৰ বনাই আছোঁ। এতিয়া উচ্ছেদ কৰিব, আমি ক’ত যাম, আমাক মাৰি পেলাওক ।

You might also like