নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পৰিভ্রমী চৰায়ে কঢ়িয়াই অনা বার্তাবোৰ

প্রাকৃতিকভাৱে সৃষ্ট নদ–নদী, জলাহ–জলাশয় আৰু বিশাল বিশাল বিলেৰে ভৰি আছে অসম৷ এই ৱেটলেণ্ডবিলাক প্রচুৰ মাছ–কাছৰে ভৰপূৰ৷ আৰু জলজ উদ্ভিদৰো মেটমৰা ভাণ্ডাৰ এই জলভাণ্ডাৰবোৰ৷ বছৰটোৰ সকলো সময়তে মাছ আৰু জলপ্রাণীৰে এই নদী, জলাশয়, বিলবোৰ ভৰি থাকে যদিও শীতত এইবোৰলৈ এক নতুন আলহীৰ আগমন ঘটে৷ শীতৰ আগমনৰ লগে লগে দেশী–বিদেশী বিভিন্ন পৰিভ্রমী চৰাইৰে নদী, বিল, জলাশয় উপচি পৰে৷

আন বছৰবোৰৰ দৰে এইবাৰো অসমৰ জলাশয়বোৰলৈ বিভিন্ন পৰিভ্রমী চৰাইৰ আগমন ঘটিছে৷ নাওবৈচাৰ ৰঙানদী পহুমৰাৰ সমীপত অৱস্থিত ঐতিহাসিক শতজান জলাশয়লৈ জাকে জাকে আহিছে পৰিভ্রমী চৰাই৷ পক্ষী পর্যবেক্ষকসকলৰ তথ্য– শতজান জলাশয়লৈ ১১বিধ বিদেশী পৰিভ্রমী চৰাইৰ লগতে ২৩বিধ স্থানীয় চৰাইৰ আগমন ঘটে৷ তেনেদৰে অপৰূপ প্রাকৃতিক সম্পদেৰে চহকী মাজুলীও পৰিভ্রমী চৰাইৰ কলৰৱেৰে মুখৰ হৈ পৰিছে৷

নদীদ্বীপটোৰ চৰাইপুং, মাগুৰমাৰী, ভকতিবিল, দক্ষিণপাট–বৰপাচি, বৰখোৱাবাৰী, গৰৈমাৰী, বৰটানি, টুনিকে ধৰি জলাশয়বোৰ দেশী–বিদেশী চৰাইৰে উপচি পৰিছে৷ এই পৰিভ্রমী চৰাইবোৰৰ আগমনৰ শুভ বার্তাৰ সমান্তৰালকৈ আহিছে আন এক উদ্বেগজনক খবৰ৷

পক্ষী বিশেষজ্ঞসকলৰ মতে ছাইবেৰিয়া, শ্রীলংকা, ম্যানমাৰ, জাপান, নেপাল আদি দেশৰ পৰা অহা পৰিভ্রমী চৰাইৰ আগমন পূর্বৰ বছৰবোৰৰ তুলনাত এইবাৰ যথেষ্ট হ্রাস পাইছে৷ শতজান জলাশয়ৰ লগতে মাজুলীৰ পৰাও পৰিভ্রমী চৰাইৰ আগমন হ্রাস পোৱাৰ একেই বার্তা আহিছে৷ আনহাতে সকলোতকৈ উদ্বেগজনক বার্তা আহিছে নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্রকল্পৰ সমীপৰ পৰা৷

এই প্রকল্পৰ ১০ কিলোমিটাৰ নিলগৰ এটা বস্তি পৰিভ্রমী আমুৰ ফেলকন চৰাইৰ পৰিভ্রমণৰ বাবে বিখ্যাত৷ সাধাৰণতে বছৰৰ এই সময়ছোৱাত হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ পৰা অহা আমুৰ ফেলকনৰে দৈয়াং জলাশয় ভৰি থাকে যদিও এইবাৰ এতিয়ালৈকে এই চৰাইবিধৰ আগমন ঘটা নাই৷ উল্লেখনীয় যে এই দৈয়াং জলাশয়তে কিছুদিনৰ বাবে জিৰণি লৈ লাখ লাখ আমুৰ ফেলকনে দক্ষিণ আফ্রিকালৈ উৰা মাৰে৷ মাত্র পাঁচ দিনতে মংগোলীয়াৰ পৰা নাগালেণ্ডলৈ ৫,৬০০ কিলোমিটাৰ দূৰত্ব অতিক্রমী অহা আমুৰ ফেলকন এইবাৰ দৈয়াং জলাশয়লৈ নহাৰ খবৰে পক্ষীবিদসকলক চিন্তিত কৰি তুলিছে৷

পক্ষীবিদ আৰু প্রকৃতি সংৰক্ষকসকলৰ মতে গ্ল’বেল ৱার্মিং, দ্রুতহাৰত বনাঞ্চল হ্রাস পোৱা আৰু প্রাকৃতিক ভাৰসাম্য নৰখাকৈ নির্মাণ কৰা কল–কাৰখানা, উদ্যোগ তথা বৃহৎ বৃহৎ অট্টালিকাৰ বাবেই উদ্বেগজনকভাৱে হ্রাস পাইছে পৰিভ্রমী চৰাইৰ আগমন৷

এই পৰিভ্রমী চৰাইবোৰৰ আগমন হ্রাস পোৱাৰ কাৰণ তথা কাৰকসমূহৰ বিজ্ঞানভিত্তিক বিশ্লেষণৰ অত্যন্ত প্রয়োজন আছে৷ এই বিশ্লেষণে নিশ্চিতভাৱে প্রমাণ কৰিব যে কি দ্রুত হাৰত অসম তথা উত্তৰ–পূবৰ বনাঞ্চলসমূহ হ্রাস পাই আহিছে৷ সমান্তৰালকৈ হ্রাস পাই আহিছে জলাশয়–বিলসমূহো৷

দ্রুত নগৰাঞ্চলৰ প্রভাৱৰ বাবেই অসমত জলাশয়সমূহ যোৱা ১০ বছৰত চিন্তনীয়ভাৱে হ্রাস পাইছে৷ একোটা অঞ্চলৰ প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবেই বনাঞ্চল আৰু জলাশয়সমূহৰ সংৰক্ষণ অতি জৰুৰী৷ এই ভাৰসাম্য বিনষ্ট হ’লেই ই অঞ্চলটোৰ জলবায়ুত সাংঘাতিক প্রভাৱ পেলায়৷ কেৱল চৰাই–চিৰিকটি আৰু বন্যপ্রাণীয়েই নহয়, এই ভাৰসাম্য বিনষ্টতাই দূৰ ভৱিষ্যতত অঞ্চলটোৰ বাসিন্দাসকলৰ স্বাস্থ্যৰ প্রতিও ভয়ানক ভাবুকি কঢ়িয়াই আনে৷

জলবায়ু প্রভাৱিত বিভিন্ন ৰোগ আৰু সমস্যাই বাসিন্দাসকলক আক্রমণ কৰে৷ যাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱনকালৰ আয়ুস হ্রাস পোৱাৰ প্রচুৰ সম্ভাৱনা থাকে৷ তদুপৰি বনাঞ্চল–জলাশয় হ্রাসে অঞ্চলটোৰ কৃষিভিত্তিক জীৱিকাতো প্রভাৱ পেলায়৷ শেহতীয়া পর্যবেক্ষণত অসম তথা উত্তৰ–পূবত বনাঞ্চল আৰু জলাশয় হ্রাস পোৱাৰ যথেষ্ট তথ্য সদৰী হৈছে৷

ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰিছে অঞ্চলটোৰ জলবায়ুত৷ যাৰ ফলত বাসিন্দাসকলৰ শাৰীৰিক স্বাস্থ্য আৰু কৃষিভিত্তিক জীৱিকা গুৰুতৰভাৱে ক্ষতিগ্রস্ত হৈছে৷ কৃষিকর্ম যথেষ্ট হ্রাস পোৱাৰ লগতে বিভিন্ন ৰোগৰ চিকাৰ হৈছে অঞ্চলটোৰ বাসিন্দাসকল৷ পৰিভ্রমী চৰাইৰ আগমন কি কাৰণে হ্রাস পাইছে সেই তথ্য বিশ্লেষণ কৰিলেই এনেবোৰ তথ্য ওলাই আহে৷ উদ্বেগজনক কথাটো হ’ল চৰকাৰ অথবা জনগণে এতিয়াও এই গুৰুতৰ বিষয়টোক কিন্তু গুৰুত্বসহকাৰে লোৱা নাই৷

You might also like