নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত শোকাৱহ ঘটনা, মৰণা মৰা মেচিনত প্ৰাণ হেৰুৱালে এজনে…

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মৰণা মৰা মেচিনত সোমাই এজন লোক থিতাতে নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ঘটনাৰ বিৱৰণী অনুসৰি ৬ ডিচেম্বৰৰ নিশা ঢেকীয়াজুলি থানাৰ অন্তৰ্গত কটলুডুব নামৰ গাঁৱৰ ৰবিউল্লা নামৰ ব্যক্তিজনে নিজ গৃহতে মৰণা মৰা মেচিনৰ জৰিয়তে মৰণা মাৰি আছিল। অসাৱধানবশতঃ লোকজনে নিয়ন্ত্ৰণ হেৰুৱাই মৰণা মৰা মেচিনত সোমাই পৰাত থিতাতে মৃত্যুক সাবটি লয় লোকজনে। আকস্মিকভাৱে সংঘটিত শোকাৱহ দুৰ্ঘটনাটোত ব্যক্তিজনে প্ৰাণ হেৰুওৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

You might also like