নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ জাফা এচিভার্ছ বঁটা

‘নিয়মীয়া বার্তা’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ জাফা এচিভার্ছ বঁটা৷ ৰাজ্যৰ সংবাদকর্মীসকলৰ উমৈহতীয়া মঞ্চ জার্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম, চমুকৈ জাফাই প্রতিবছৰে এই বঁটা প্রদান কৰি আহিছে৷

জাফাৰ কেন্দ্রীয় সমিতিৰ সভাপতি অভিদীপ চৌধুৰী, কার্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদকপ্রধান কুঞ্জমোহন ৰায়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে৷

উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ মজুমদাৰসহ মুঠ ২৩জনলৈ বিভিন্ন শিতানত জাফাই বঁটাসমূহ আগবঢ়াইছে৷ সাংবাদিকতা শিতানত দ্য ইক’নমিক টাইমছৰ বিকাশ সিং, অসমীয়া প্রতিদিনৰ মনোজ কুমাৰ ডেকা, দৈনিক গণ অধিকাৰৰ ৱাহিদুৰ ৰহমান বৰা, নিউজ এংকৰ শিতানত জুবী শইকীয়া, ফটো জার্নেলিজম শিতানত পংকজ ডেকা, ভিডিঅ’ জার্নেলিজম শিতানত ৰাকেশ বড়ো, ডাইনামিক লীডাৰশ্বিপ শিতানত জয়নত কুমাৰ দাস, সামাজিক সেৱাত জুৱেল টিমুং, ৰাজনীতি শিতানত দেৰহাছাৎ বসুমতাৰী, হিমাংশু শেখৰ বৈশ্য, সুদর্শন বব হাজৰিকা, অৰূপ নাথ, জিতুল ডেকা, উদ্যোগী শিতানত হেমন্ত শইকীয়া, স্বাস্থ্য সেৱা শিতানত ইজি নার্ছিং হোম, শিশু অধিকাৰৰ ক্ষেত্রত মিগুৱেল দাস কুইয়া আৰু ক্রীড়া শিতানত নাৰায়ণ চৌধুৰী, ঐক্য শিতানত নুৰুল হক, যুৱকর্মী শিতানত মনজিৎ দাস, ৰাইজিং ষ্টাৰ শিতানত কল্যাণজ্যোতি কোঁৱৰ, উদীয়মান শিল্পী শিতানত অষ্ট্ৰিয়ানা দিহিঙীয়া আৰু মেডিকেল কেয়াৰ শিতানত ডাঃ এছ কে দাসলৈ জাফাই বঁটা আগবঢ়াইছে৷

অহা ১৬ ডিচেম্বৰত মহানগৰীৰ লাষ্টগেটত অৱস্থিত লোকনির্মাণ বিভাগৰ প্রশিক্ষণ কেন্দ্রৰ প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বঁটাসমূহ জাফাই প্রদান কৰিব বুলি সম্পাদকপ্রধান কুঞ্জমোহন ৰায়ে জানিবলৈ দিছে৷ একেদিনাই গ্রাম্য সাংবাদিকতাৰ বঁটাসমূহো প্রদান কৰা হ’ব৷

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ

You might also like